ইয়াৰবাড অত্যধিক ব্যৱহাৰ কৰিলে কাণৰ ক্ষতি হ’ব পাৰে ৷ ইয়াৰ ফলত কেৱল শ্ৰৱণ ক্ষমতাৰ ক্ষতি হোৱাই নহয়, ইয়াৰবাড সঘনাই ব্যৱহাৰ কৰিলে কাণত মলিও জমা হয়, যিয়ে কাণৰ নলীৰ গভীৰতালৈকে গৈ শৰীৰৰ বাবে বিপজ্জনক হ’ব পাৰে৷ ইয়াৰবাডৰ ব্যৱহাৰ কিমান বিপজ্জনক সেই বিষয়ে আজি জানো আহক-
ঘণ্টাৰ পিচত ঘণ্টা ধৰি অবিৰতভাৱে ইয়াৰবাড ব্যৱহাৰ কৰিলে মূৰৰ বিষ হ’ব পাৰে ৷ ইয়াৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেইন হ’বলৈ আৰম্ভ কৰে ৷ কেৱল এয়াই নহয়, টোপনিৰ ওপৰতো বেয়া প্ৰভাৱ পৰে ৷ ইয়াৰ ফলত অনিদ্ৰা বা স্লিপ এপনিয়াৰ দৰে সমস্যা হ’ব পাৰে ৷ ইয়াৰবাড ব্যৱহাৰ কৰিলে শ্ৰৱণ ক্ষমতাৰ যথেষ্ট ক্ষতি হয় ৷ অবিৰতভাৱে উচ্চস্বৰত গীত শুনিলে শ্ৰৱণ ক্ষমতা হ্ৰাস পাব পাৰে ৷
মলি জমা হৈ যায়
ইয়াৰবাডৰ অবিৰত ব্যৱহাৰৰ বাবে কাণত ইয়াৰ মলি জমা হৈ পৰে ৷ এই মলি কাণৰ নলীৰ গভীৰতালৈকে গৈ ইয়াৰ ক্ষতিসাধন কৰে ৷ ইয়াৰবাডৰ বাবে কাণৰ ৰক্ত সঞ্চালনতো বেয়াকৈ প্ৰভাৱ পৰে ৷ গতিকে ৰাতি শুবলৈ যোৱাৰ সময়ত ইয়াৰবাড পৰিধান কৰাটো পৰিহাৰ কৰক, কাৰণ ইয়াৰ ফলত কাণত পিচলৈ ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
হৃদৰোগৰ আশংকাও
ইয়াৰবাডছৰ ফলত হৃদৰোগৰ আশংকাও থাকে ৷ ঘণ্টাৰ পিচত ঘণ্টা হেডফোন পিন্ধিলে আৰু জোৰেৰে সংগীত শুনিলে হৃদযন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে, যাৰ বাবে হৃদস্পন্দন বৃদ্ধি পায় আৰু ভৱিষ্যতে ডাঙৰ ক্ষতি হ’ব পাৰে ৷
৬০ মিনিটতকৈ বেছি সময় ব্যৱহাৰ নকৰিব
বিশেষজ্ঞসকলৰ মতে, যদি আপুনি ঘণ্টাৰ পিচত ঘণ্টা ধৰি ইয়াৰবাড ব্যৱহাৰ কৰে, তেন্তে আপুনি তৎক্ষণাত নিজৰ ৰুটিন সলনি কৰিব লাগে ৷ ইয়াৰবাড ৬০ মিনিটতকৈ বেছি সময় ব্যৱহাৰ কৰিব নালাগে ৷ ইয়াৰ বাহিৰেও মাজতে শব্দ কমাই শুনিবলৈ চেষ্টা কৰক ৷