ETV Bharat / business

বিশ্ব চাহৰ এক নতুন ক্ষেত্ৰত অসমৰ 'উলাহ': শিৱসাগৰৰ ষ্টাৰ্টআপৰ খলকনি - ASSAM WOOLAH TEA

'ছাৰ্ক টেংক ইণ্ডিয়া' ছিজন 4 ত খলকনি সৃষ্টি কৰি চৰ্চালৈ আহিছে শিৱসাগৰৰ ষ্টাৰ্টআপ 'উলাহ' চাহ ।

Assam bag less tea dip WOOLAH
বিশ্ব চাহৰ এক নতুন ক্ষেত্ৰত অসমৰ 'উলাহ' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 4, 2025, 1:27 PM IST

শিৱসাগৰ : অসম গৌৰৱ চাহৰ ব্যৱসায়ক এক নতুন মাত্ৰা প্ৰদান কৰিছে শিৱসাগৰৰ এগৰাকী উদ্যমী যুৱকে । এইগৰাকী যুৱ উদ্যমীৰ উদ্ভাৱনীমূলক কৰ্মই বিশ্ব চাহৰ বজাৰত এক চমক সৃষ্টি কৰিছে । উদ্যমী যুৱক উপমন্যু বৰকাকতিয়ে সুকীয়া চিন্তাৰে বজাৰলৈ উলিয়াই দিছে পলকতে তৈয়াৰ কৰিব পৰা সেউজ চাহৰ বেগবিহীন ডিপ (DIP) । যাৰ বাবে 'ছাৰ্ক টেংক ইণ্ডিয়া' ছিজন 4 ত চৰ্চালৈ আহিছে শিৱসাগৰৰ ষ্টাৰ্টআপ 'উলাহ' (WOOLAH) চাহ ।

সাধাৰণতে 'টী বেগ'ৰ (Tea bag) পৰা তৈয়াৰ কৰা চাহত ১১.৬ বিলিয়ন মাইক্ৰ' প্লাষ্টিক থাকে । কিন্তু ইয়াৰ বিপৰীতে উলাহৰ বেগবিহীন চাহে চাহৰ প্ৰাকৃতিক সোৱাদ আৰু আমেজক ক্ষতি নকৰাকৈ চাহৰ সোৱাদ বৃদ্ধি কৰে । সমান্তৰালভাৱে এই চাহ সম্পূৰ্ণ পৰিবেশ অনুকূল । এই চাহত নাথাকে কোনো প্লাষ্টিক যৌগ ।

বিশ্ব চাহৰ এক নতুন ক্ষেত্ৰত অসমৰ 'উলাহ' (ETV Bharat Assam)

২০২০ চনৰ শেষৰ ফালে মাত্ৰ ১ লাখ টকাৰে আৰম্ভ কৰা এই ব্যৱসায় বিগত কেইটামান বছৰত ক্ৰমশঃ সফলতাৰ শিখৰলৈ গতি কৰিছে । বিগত বিত্তীয় বছৰত উলাহ চাহে উৎসাহজনক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । বিগত বিত্তীয় বৰ্ষত ২ কোটি টকাৰ চাহ বিক্ৰী কৰিছে শিৱসাগৰৰ এই ষ্টাৰ্টআপ কোম্পানীটোৱে ।

সেউজ চাহক বিশেষ পদ্ধতিৰে ঢোলৰ আকাৰ দিয়া এই চাহ কোম্পানীটোৱে ১২ টা ভিন্ন সোৱাদত চাহ বিক্ৰী কৰে । চাহৰ সৈতে তুলসী, নেমু আদিকে ধৰি ১২ টা অনন্য সোৱাদ দিব পৰা এই উলাহ চাহে প্ৰধানকৈ নিজৰ ৱেবছাইট আৰু এমাজন, ফ্লিপকাৰ্ট আদি অনলাইন মাৰ্কেটিং প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকৰ উৎপাদিত চাহ বিক্ৰী কৰে ।

বৰ্তমান এই ষ্টাৰ্ট আপত ১২ গৰাকী নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছে । একেদৰে তেওঁলোকৰ জৰিয়তে জৈৱিক চাহ উৎপাদন কৰা ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ১৫০ গ্ৰাম্য মহিলাই কৰ্মসংস্থাপন পাইছে ।

উল্লেখ্য যে 'ছাৰ্ক টেংক ইণ্ডিয়া'ত এই ব্যৱসায় সম্পৰ্কে প্ৰচাৰ লাভ কৰাৰ পাছত শেহতীয়াকৈ এই ব্যৱসায়ৰ জৰিয়তে উলাহে অধিক গ্ৰাহকৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । গ্ৰাহকৰ পৰা লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত উলাহে নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে এই চাহ বিদেশলৈ ৰপ্তানি কৰাৰ বাবে সাজু হৈছে ।

শিৱসাগৰৰ দৰে এখন সৰু নগৰৰ বাসিন্দা উপমন্যু বৰকাকতি শিৱসাগৰ নগৰৰ মেলাচকৰৰ নিবাসী । প্ৰদীপ বৰকাকতি আৰু মুকুতা বৰকাকতিৰ কনিষ্ঠ সন্তান উপমন্যুৱে বাণিজ্য শাখাত স্নাতক ডিগ্ৰী আৰু এম বি এ কৰাৰ পাছত নিজৰ উদ্ভাৱনী চিন্তা আৰু শক্তিৰে এই চাহৰ ব্যৱসায় আৰম্ভ কৰিছিল । বৰ্তমান শিৱসাগৰ নগৰৰ হেমচন্দ্ৰ বৰুৱা পথৰ সমীপৰ এটা ভাৰাঘৰত নিজৰ ষ্টাৰ্টআপ কোম্পানীৰ কাম-কাজ চলাই আহিছে উপমন্যুৱে ।

এখন সৰু নগৰৰ পৰা ডাঙৰ কিবা কৰাৰ হাবিয়াস আৰু প্ৰচেষ্টাৰ বাবেই উপমন্যু এতিয়া আন দহজনৰ মাজত অনন্য ৰূপত জিলিকি উঠিছে । একেদৰে জিলিকি উঠিছে অসমৰ সেউজ সোণ চাহো । পলকতে তৈয়াৰ কৰিব পৰা এই চাহে সেউজ চাহৰ সোৱাদ অটুট ৰখাৰ প্ৰচেষ্টাৰ সমান্তৰালভাৱে চাহক স্বাস্থ্যসন্মত পানীয়ৰূপে বিপণন কৰি আকৰ্ষণীয় সফলতা লাভ কৰিছে ।

নিজৰ অনুভৱ ব্যক্ত কৰি উপমন্যু বৰকাকতিয়ে কয়, "ভাল লাগিছে । আমি সপোন এটা লৈ আৰম্ভ কৰিছিলোঁ ডিচেম্বৰ ২০২০ চনত । যাত্ৰাত বহুখিনি চেলেঞ্জেছ থাকেই, প্ৰত্যাহ্বানতো থাকিবই সদায় । তাৰ পিছত আহি আজি এই জাগাত পাইছো । মানুহে ইমান সঁহাৰি দিছে, ইমান মৰম দিছে । সেই কাৰণে ভাল লাগিছে যথেষ্ট ।"

লগতে পঢ়ক :ই টিভি ভাৰতৰ দুই সাংবাদিকলৈ অসম সাহিত্য সভাৰ 'নিষ্ঠাবান সাংবাদিকতা বঁটা' - ASAM SAHITYA SABHA AWARD
লগতে পঢ়ক :লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত বৃদ্ধি পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা - MIGRATORY BIRD NUMBERS INCREASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.