ETV Bharat / state

জনবসতিপূর্ণ অঞ্চলত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ - Dumping Ground In Guwahati

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 11:00 PM IST

Guwahati Municipal Corporation : গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহানগৰীৰ এটা অঞ্চলৰ ৰাইজ । মঠ-মন্দিৰ, মছজিদকে ধৰি আন উপাসনাস্থলী থকা অঞ্চলটোৰ ৰাইজে সকীয়নি দিয়াৰ আঁৰতো আছে কাৰণ ।

Protest in Guwahati
ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতা (ETV Bharat Assam)

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : গুৱাহাটী পৌৰ নিগমৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল হাতীগাঁও-সিজুবাৰীৰ ৰাইজ । হাতীগাঁও-সিজুবাৰী কবৰস্থানৰ সমীপৰ কনকলতা পথত স্থায়ী ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে । পৌৰ নিগমৰ এনে সিদ্ধান্তৰ পিচতে ক্ষোভত ফাটি পৰিছে বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাসকল । অঞ্চলবাসীয়ে পৌৰ নিগমৰ এই সিদ্ধান্তক কোনো কাৰণতে কার্যকৰী কৰিবলৈ নিদিয়ে বুলি হুংকাৰ দি দেওবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

  • ডাম্পিং গ্রাউন্ড স্থাপনৰ বিৰোধিতাৰে যৌথ ঐক্যমঞ্চ গঠন :

ইতিমধ্যে ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাৰে বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাসকলে গঠন কৰিছে এখন যৌথ ঐক্যমঞ্চ । বৃহত্তৰ হাতীগাঁও-সিজুবাৰী, ভেটাপাৰা,ঘোঁৰামাৰা,বৰসজাই,নটবমা,শাহনগৰৰ ৰাইজক লৈ গঠন এই যৌথ ঐক্যমঞ্চৰ উদ্যোগত দেওবাৰে সিজুবাৰী ঈদগাহ ময়দানত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । ইয়াৰ পিচতেই স্থানীয় প্ৰশাসনৰ জড়িয়তে চৰকাৰলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত উক্ত অঞ্চলটোৰ বাসিন্দাসকলে অংশগ্ৰহণ কৰি কনকলতা পথত কোনো কাৰণতে ডাম্পিং গ্রাউণ্ড স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি জি এম চিক সকীয়াই দিয়ে । সভাখনত উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান,পদ্মশ্রী ডাঃ ইলিয়াছ আলী, নুৰুল হক,ৱাৰ্ড সদস্য় মাচুমা বেগমকে ধৰি আন কেইবাৰাকী বক্তাই ভাষণত জি এম চিৰ এই গোপন কাৰ্য কোনো কাৰণতে বাস্তৱায়িত কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে ।

  • সিদ্ধান্ত শীঘ্রেই নাকচ কৰিবলৈ দাবী :

এই প্ৰসংগত সমাজসেৱক নুৰুল হকে কয়," জি এম চিয়ে অতি গোপনে উক্ত স্থান ডাম্পিং গ্রাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱাটো হঠকাৰী সিদ্ধান্ত । কিয়নো ঘন জনবসতিপূর্ণ বৃহত্তৰ এই অঞ্চলটোৰ যি স্থানত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত জি এম চিয়ে গ্রহণ কৰিছে সেই স্থানৰ সমীপতে আছে মঠ-মন্দিৰ, মছজিদকে ধৰি আন আন উপাসনাস্থলী । সেয়ে আজিৰ এই প্ৰতিবাদৰ যোগেদি জি এম চিক এই সিদ্ধান্ত শীঘ্রেই নাকচ কৰিবলৈ দাবী জনাইছো। কিয়নো উক্ত স্থানত ডাম্পিং গ্রাউণ্ড স্থাপন হ'লে বাসিন্দাসকল ডাম্পিং গ্রাউণ্ডত সৃষ্টি হোৱা বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা ঘনীভূত হ'ব ।"

লগতে পঢ়ক:স্মাৰ্ট চিটী গুৱাহাটীত জাবৰ নিষ্কাশনত সমস্যা ক’ত ? পৌৰ নিগমৰ পৰিকল্পনা কি গুৱাহাটীক লৈ ? - Garbage disposal problems

আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ - GUWAHATI ARTIFICIAL FLOODS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.