ETV Bharat / international

পূব জাৰ্মানীৰ বৰদিনৰ বজাৰত আক্ৰমণ; আহত ৭ ভাৰতীয় - MAGDEBURG CHRISTMAS MARKET ATTACK

জাৰ্মানত বৰদিনৰ বজাৰত আক্ৰমণ ৷ আহত প্ৰায় ২০০ জনৰ ভিতৰত ৭ জন ভাৰতীয় ৷

7 Indians among around 200 injured in German Christmas market attack
জাৰ্মানীৰ বজাৰত আক্ৰমণ (AP)
author img

By PTI

Published : Dec 22, 2024, 9:39 AM IST

নতুন দিল্লী : পূব জাৰ্মানীৰ মেগডেবাৰ্গ চহৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ এখন গাড়ীৰ আক্ৰমণত ৭ জন ভাৰতীয়ৰ লগতে বহু লোক আহত হয় ৷ বাৰ্লিনত থকা ভাৰতীয় দূতাবাসে আহত ৭ জন ভাৰতীয়ক সকলো ধৰণৰ সহায় আগবঢ়াইছে বুলি চৰকাৰী এক সূত্ৰই শনিবাৰে নিশা এই তথ্য প্ৰকাশ কৰে ।

সংবাদ সংস্থা PTI ৰ বাতৰিত প্ৰকাশিত তথ্য মতে, শুকুৰবাৰে সন্ধিয়া চেক্সন-আনহাল্ট ৰাজ্যৰ মেগডেবাৰ্গৰ এখন বৰদিনৰ বজাৰলৈ গৈছিল এজন ৫০ বছৰীয়া লোক ৷ এই ৫০ বছৰীয়া লোকজনে নিজে তেওঁৰ গাড়ীখন ভিৰৰ মাজত চলাই নিয়ে ৷ ফলত ৯ বছৰীয়া শিশুকে ধৰি কমেও পাঁচজন লোকৰ মৃত্যু হয় ৷ লগতে এই ঘটনাত প্ৰায় ২০০ জন লোক আহত হৈছে বুলি জাৰ্মান কৰ্তৃপক্ষই সদৰী কৰে ।

ভাৰত চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আহত সাতজন ভাৰতীয়ৰ ভিতৰত ইতিমধ্যে তিনিজনক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হৈছে । PTI ৰ বাতৰিত প্ৰকাশ ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই “ভয়ংকৰ আৰু অৰ্থহীন/মুৰ্খতাপূৰ্ণ” (horrific and senseless) ঘটনাক গৰিহণা দি কয় যে জাৰ্মানীত থকা ভাৰতীয় মিছন আহত ভাৰতীয়সকলৰ সৈতে যোগাযোগত আছে । অৱশ্যে আহত ভাৰতীয়ৰ সংখ্যা মন্ত্ৰালয়ে প্ৰকাশ কৰা নাই ।

X ৰ এটা পোষ্টত বাৰ্লিনত থকা ভাৰতীয় দূতাবাসে এই আক্ৰমণত আহত ভাৰতীয়সকলৰ সৈতে সঘনে যোগাযোগ বজাই ৰাখিছে বুলিও জানিবলৈ দিয়ে ৷ এক বিবৃতিত MEA -এ কয় যে ভাৰতীয় মিছনে এই কাণ্ডত আহত ভাৰতীয়সকলক সকলো ধৰণৰ সাহায্য আগবঢ়াইছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘‘জাৰ্মানীৰ মেগডেবাৰ্গত বৰদিনৰ বজাৰত হোৱা এই ভয়ংকৰ আৰু অৰ্থহীন আক্ৰমণক আমি গৰিহণা দিছো । এই ঘটনাত বহু জীৱন হেৰুৱাইছে আৰু বহু লোক আহতও হৈছে ৷ আমি ভুক্তভোগীৰ সৈতে আছে ।" MEA - এ এক বিবৃতিযোগে কয়, ‘‘আমাৰ মিছনে আহত ভাৰতীয়সকলৰ সৈতে সংযোগ আছে ৷ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতেও সকলো ধৰণৰ সহায় আগবঢ়াইছে ।’’

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, ‘‘গাড়ীখন ভিৰৰ মাজলৈ লৈ যোৱা ৫০ বছৰীয়া ব্যক্তিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।’’ তথ্য অনুসৰি ধৃত লোকজনৰ ঘৰ ছৌদি আৰৱত ৷ তেওঁ ২০০৬ চনৰ পৰা জাৰ্মানীত বাস কৰি আছিল ৷ (PTI)

লগতে পঢ়ক : বিদ্যালয়ৰ সমাৰোহ অনুষ্ঠানত অঘটন: ৩৫ টি শিশুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.