ETV Bharat / sports

ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেবাগৰাকীও খেলুৱৈ - INDIA vs BANGLADESH test series

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 10:58 PM IST

INDIA vs BANGLADESH : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে । এই টেষ্টৰ বাবে দলত স্থান পোৱা নাই বহু খেলুৱৈয়ে । সম্পূৰ্ণ খবৰ পঢ়ক...

INDIA vs BANGLADESH
ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা (ANI PHOT)

স্প’ৰ্টছ ডেস্ক, ৮ ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ বাবে ভাৰতীয় দলৰ খেলুৱৈৰ নাম ঘোষণা কৰিছে । এই ছিৰিজৰ বাবে বহু খেলুৱৈ দললৈ ঘূৰি আহিছে আৰু বহু খেলুৱৈক দলৰ পৰা বাদ দিয়া হৈছে । ৰেডবল ক্ৰিকেটলৈ ঘূৰি আহিছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ।

গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘ বিশ্ৰাম লোৱাৰ পিচত প্ৰায় ২০ মাহৰ অন্তত ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব তেওঁ । ভাৰতীয় দলৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাক দেখা পোৱাৰ বিপৰীতে বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহ দুয়োকে দলত অন্তৰ্ভুক্ত কৰা হৈছে । দুলীপ ট্ৰফীৰ প্ৰথমখন মেচত ৯ টা উইকেট দখল কৰা আকাশ দ্বীপ দলত অন্তৰ্ভুক্ত হোৱাৰ লগতে যুৱ বেগী বলাৰ যশ দয়ালকো প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

অৱশ্যে মহম্মদ ছামীয়ে টেষ্ট দলত স্থান দখল কৰিবলৈ ব্যৰ্থ হয় যদিও নিৰ্বাচক দলৰ অধ্যক্ষ অজিত আগৰকাৰে পূৰ্বে কৈছিল যে সোঁহাতৰ বেগী বলাৰগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত প্ৰত্যাৱৰ্তনৰ লক্ষ্য লৈছিল । ভাৰতৰ দীঘলীয়া টেষ্ট ছিজন আৰম্ভ হ’ব ১৯ ছেপ্টেম্বৰত ৷ চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট মেচৰ ভিতৰত প্ৰথমখন খেল অনুষ্ঠিত হ’ব । ২৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই শৃংখলাৰ দ্বিতীয়খন টেষ্ট ।

এই খেলুৱৈসকলে নাপালে সুযোগ

শ্ৰেয়াছ আয়েৰ: বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত শ্ৰেয়াছ আয়েৰক দলত স্থান দিয়া হোৱা নাই । অৱশ্যে দুলীপ ট্ৰফীৰ প্ৰথমখন মেচত বিশেষ একো প্ৰদৰ্শন কৰিব নোৱাৰিলে তেওঁ । ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজতো তেওঁৰ প্ৰদৰ্শন উৎকৃষ্ট নাছিল ।

মুকেশ কুমাৰ: ভাৰতীয় দলৰ বেগী বলাৰ মুকেশ কুমাৰে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দুখনমান মেচত তেওঁ দলটোৰ অংশ আছিল ।

দেৱদত্ত পাডিক্কল: বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টত দেৱদত্ত পাডিক্কালকো সুযোগ দিয়া হোৱা নাই । অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটোৱাৰ সময়ত পাডিক্কালে অৰ্ধশতক অৰ্জন কৰিছিল । দুলীপ ট্ৰফীৰ প্ৰথমখন মেচত তেওঁ ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ।

কে এছ ভৰত: ইংলেণ্ডৰ বিৰুদ্ধে কে এছ ভৰতক বহু সুযোগ দিয়া হৈছিল যদিও প্ৰতিখন মেচতে হতাশাজনক প্ৰদৰ্শনৰ বাবে বাংলাদেশৰ বিৰুদ্ধে দলত অন্তৰ্ভুক্ত নহ’ল তেওঁ ।

আৱেশ খান: ভাৰতীয় দলৰ বেগী বলাৰ আবেশ খানকো দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই । অৱশ্যে তেওঁ উজ্জ্বল বলিং কৰি দুলীপ ট্ৰফীত উইকেট দখল কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্টত তেওঁ দলত নিৰ্বাচিত হৈছিল যদিও মূল একাদশত খেলাৰ সুযোগ নাপালে ।

ভাৰত আৰু বাংলাদেশে এই পৰ্যন্ত ১৩ খন টেষ্ট খেলিছে, ইয়াৰে ১১খন টেষ্টত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দুখন মেচ ড্ৰ’ হৈছে । পাকিস্তানৰ বিৰুদ্ধে ২-০ ৰ ব্যৱধানত ঐতিহাসিক জয়লাভ কৰি বাংলাদেশে এই শৃংখলাত প্ৰৱেশ কৰাৰ বিপৰীতে চলিত বৰ্ষৰ আৰম্ভণিতে ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডক ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰাৰ পিচত ভাৰতৰ এয়া হ’ব প্ৰথমখন টেষ্ট ।

ভাৰতীয় দল: ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছৱাল, শুবমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, সৰফৰাজ খান, ঋষভ পন্ত (উইকেট ৰক্ষক), ধ্ৰুৱ জুৰেল (উইকেট ৰক্ষক), আৰ জাদেজা, আৰ অশ্বিন, অক্ষৰ পেটেল, মহম্মদ চিৰাজ, আকাশ দ্বীপ, যশপ্ৰীত বুমৰাহ, যশ দয়াল, কুলদীপ যাদৱ ৷

লগতে পঢ়ক: ভাৰতৰ বিৰুদ্ধে সাতটাকৈ উইকেট দখলৰে অভিলেখ স্থাপন মানৱ সুথাৰেৰ - DULEEP TROPHY 2024

চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ আহিব ভাৰত: পি চি বি ৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য - CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.