অসম

assam

ETV Bharat / health

ৰক্তহীনতা সমস্যাৰ ফলত কেনেধৰণৰ বিপদ হ’ব পাৰে ? - ANEMIA SYMPTOMS

ANEMIA TREATMENT : ৰক্তহীনতা কি ? এই বিষয়ে আপুনি বাৰু জানেনে ? শৰীৰত ৰক্তহীনতাই দেখা দিলে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ আহকচোন আজি জানিবলৈ চেষ্টা কৰো ৰক্তহীনতাৰ বিষয়ে কিছু তথ্য ৷

ANEMIA SYMPTOMS
ৰক্তহীনতাৰ লক্ষণ (Getty Images)

By ETV Bharat Health Team

Published : Jun 21, 2024, 7:07 AM IST

ৰক্তহীনতা অৰ্থাৎ শৰীৰত তেজৰ অভাৱ হোৱা বৰ্তমান সময়ত এক সাধাৰণ সমস্যা হৈ পৰিছে । বৰ্তমান এনে বহু লোক আছে, যিয়ে এই সমস্যাৰ সৈতে যুঁজ দি আছে ৷ এই সমস্যাৰ মূল কাৰণটোৱেই হ’ল তেওঁলোকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীত পুষ্টিৰ অভাৱ ।

কিন্তু ইয়াৰ মাজতো বহু সময়ত মানুহে গমেই নাপায় যে তেওঁলোকে ৰক্তহীনতাৰ সমস্যাত ভুগি আছে । এই প্ৰতিবেদনত আমি উল্লেখ কৰিব লৈছো যে ৰক্তহীনতাত আক্ৰান্ত হোৱা ব্যক্তিৰ শৰীৰত কেনেধৰণৰ লক্ষণে দেখা দিব পাৰে ৷

ৰক্তহীনতাৰ লক্ষণ (Getty Images)

ৰক্তহীনতা কি ? :

যেতিয়া তেজত ৰক্তকণিকাৰ অভাৱ হয়, তেতিয়াই ৰক্তহীনতা হয় । ৰক্তহীনতাৰ সমস্যা অস্থায়ী বা স্থায়ী দুয়োটা হ’ব পাৰে । ইয়াৰ প্ৰকৃত কাৰণ জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকে প্ৰয়োজনীয় । ৰক্তহীনতাৰ বাবে মানুহ কেতিয়াবা গুৰুতৰ ৰোগত আক্ৰান্ত হয় । এনে পৰিস্থিতিত ইয়াক চিনাক্ত কৰি সঠিক সময়ত চিকিৎসা কৰাটো অতি প্ৰয়োজনীয় ।

ৰক্তহীনতাৰ লক্ষণ (Getty Images)

লগতে পঢ়ক :ৰক্তদান কৰক আৰু জীৱন ৰক্ষা কৰাৰ প্ৰচেষ্টাত যোগদান কৰক - World Blood Donor Day 2024

ৰক্তহীনতাৰ ক্ষেত্ৰত দেখা দিয়া লক্ষণসমূহ :

  • ভাগৰ আৰু দুৰ্বলতা
  • শ্বাস-প্ৰশ্বাসৰ সমস্যা
  • মানসিক চাপ আৰু খিংখিঙীয়া হোৱা
  • ছালৰ ৰং হালধীয়া হোৱা
  • মূৰৰ বিষ আৰু মূৰ ঘূৰোৱা
  • বুকুৰ বিষ
  • স্নায়ু দুৰ্বল হোৱা
  • অনিদ্ৰা
  • চুলি সৰা
    ৰক্তহীনতাৰ লক্ষণ (Getty Images)

লগতে পঢ়ক :অত্যধিক ওজনৰ মহিলাৰ পক্ষাঘাত হোৱাৰ আশংকা থাকে - Causes of paralysis

যদিহে ব্যক্তিৰ শৰীৰত এনেধৰণৰ লক্ষণে দেখা দিয়ে, তেন্তে নিশ্চিতভাৱে শৰীৰত ৰক্তহীনতা/হিম’গ্লবিনৰ অভাৱ হৈছে বুলি ক’ব পাৰি ৷ প্ৰথমে চকুৰ তলৰ চকুৰ পতাখনৰ ভিতৰৰ অংশটো যদি ৰঙা পৰে বা বগা, হালধীয়া হোৱা দেখা যায়, তেন্তে আপুনি নিশ্চিত যে সেই ব্যক্তিগৰাকীৰ শৰীৰত তেজৰ অভাৱে দেখা দিছে । অৱশ্যে এই কথা সঠিককৈ নিশ্চিত কৰিবলৈ তেজৰ পৰীক্ষা কৰিব লাগিব, য’ত CBC/হিম’গ্লবিন পৰীক্ষা কৰা হয় ।

স্পষ্টীকৰণ :ৱেবছাইটত দিয়া সকলো স্বাস্থ্য তথ্য, চিকিৎসাৰ পৰামৰ্শ আধাৰত দিয়া হৈছে । বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত এই তথ্য যুগুত কৰা হৈছে ।

লগতে পঢ়ক :ঔষধ খায়ো কমাব পৰা নাই কলেষ্টেৰল ? এইকেইবিধ খাদ্যই কৰিব সহায় - Bad Cholesterol

ABOUT THE AUTHOR

...view details