কফ চিৰাপ ক্ৰয় কৰোঁতে হওক সাৱধান! ক্ৰয় কৰাৰ সময়ত মনত ৰাখিব এই কথা - Cough Syrup - COUGH SYRUP
Cough Syrup: বাৰিষাত কাহ আৰু চৰ্দিৰ সমস্যা যথেষ্ট বৃদ্ধি পায় । এই সময়ছোৱাত বেছিভাগ মানুহেই চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ ঔষধ সেৱন কৰে । কিন্তু আপুনি জানেনে যে এই ঔষধবোৰত ভেজাল পদাৰ্থ মিহলি হ’ব পাৰে ?
কফ চিৰাপ ক্ৰয় কৰোঁতে হওক সাৱধান! ক্ৰয় কৰাৰ সময়ত মনত ৰাখিব এই কথা (FREEPIK)
বাৰিষাকালত সঘনাই বতৰৰ পৰিৱৰ্তন হোৱাৰ ফলত কাহ আৰু চৰ্দিৰ সমস্যা বৃদ্ধি হোৱা দেখা যায় ৷ এই সময়ছোৱাত বেছিভাগ মানুহেই চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ ঔষধ সেৱন কৰে ৷ কিন্তু আপুনি জানেনে যে এই ঔষধবোৰৰ লগত অপমিশ্ৰণ হ’ব পাৰে ? হয়, শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতত বিক্ৰী হোৱা বহু কাহৰ ঔষধত ভেজাল পদাৰ্থ পোৱা গৈছে ৷
কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (চিডিএছঅ’) ৭০৮৭টা বেচ পৰীক্ষা কৰিছিল, ইয়াৰে ৩৫৩টা বেচৰ গুণগত মানৰ অভাৱ পোৱা গৈছিল ৷ এইবোৰৰ বহু গোটত ডাইথাইলিন গ্লাইকল (DEG) আৰু ইথিলিন গ্লাইকল (EG)ৰ দৰে বিষাক্ত পদাৰ্থ পোৱা গৈছে ৷ এই পদাৰ্থবোৰ সাধাৰণতে এন্টিফ্ৰিজ, ব্ৰেক ফ্লুইড আৰু পেইণ্টত ব্যৱহাৰ কৰা হয় ৷
ক্ষতিগ্ৰস্ত হৈছে অংগ
এই বিষাক্ত পদাৰ্থ সেৱন কৰিলে বৃক্ক, যকৃত আৰু স্নায়ুতন্ত্ৰৰ ক্ষতি হ’ব পাৰে ৷ কিছুমান ক্ষেত্ৰত মৃত্যুও হ’ব পাৰে ৷ ভাৰতীয় কাহৰ ঔষধত মিশ্ৰণ দেখা পোৱাটো এইটোৱেই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও বিশ্ব স্বাস্থ্য সংস্থাই বহু ভাৰতীয় ঔষধক বিপজ্জনক বুলি অভিহিত কৰিছিল ৷
কাহৰ ঔষধ কিনাৰ সময়ত এইবোৰ কথা মনত ৰাখিব
ঔষধ কিনাৰ সময়ত সদায় লেবেল পঢ়িব লাগে ৷ ইয়াত ঔষধৰ উপাদানসমূহ, নিৰ্মাণৰ তাৰিখ আৰু ম্যাদ উকলি যোৱাৰ তাৰিখৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰা হৈছে নে নাই ভালদৰে পৰীক্ষা কৰক ৷
যিমান পাৰি ব্ৰেণ্ডেড ঔষধ ক্ৰয় কৰিবলৈ চেষ্টা কৰক ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো ব্ৰেণ্ডেড ঔষধ নিৰাপদ ৷
যদি কাহ বা চৰ্দিৰ সমস্যা আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ তেওঁ আপোনাক সঠিক ঔষধ প্ৰদান কৰিব ৷
ঔষধ সেৱনৰ পিছত যদি আপুনি কোনো পাৰ্শ্বক্ৰিয়া অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷
চৰকাৰে কি কৰিছে ?
ঔষধ কোম্পানীক ঔষধৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিবলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে ৷ তদুপৰি ঔষধৰ পৰীক্ষণ প্ৰক্ৰিয়াও কঠোৰ কৰা হৈছে ৷ কিন্তু এই ব্যৱস্থাসমূহৰ মাজতো আমি সাৱধান হোৱাটো প্ৰয়োজন ৷