অসম

assam

ETV Bharat / health

টিভিৰ পৰ্দাৰ পৰা জেদী দাগ আঁতৰাবলৈ এই পদ্ধতিৰে কৰক চাফা - টিভি চাফা কৰাৰ উপায়

TV Screen Cleaning Tips: ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো যিদৰে প্ৰয়োজনীয় ঠিক তেনেদৰে আপোনাৰ টিভিটোও ভালদৰে চাফা কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক যে আপুনি কেনেকৈ সহজে টিভিৰ স্ক্ৰীণ চাফা কৰিব পাৰে ৷

Safe and effective ways to Clean your TV Screen
টিভিৰ পৰ্দাৰ পৰা জেদী দাগ আঁতৰাবলৈ এই পদ্ধতিৰে কৰক চাফা

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 7:56 PM IST

ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ দ্বাৰা আপুনি বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে ৷ প্ৰায়ে এনেকুৱা হয় টিভিৰ পৰ্দাত বহুত ধূলি জমা হয়, যাৰ বাবে ক্ৰীণখন লেতেৰা হোৱাৰ ফলত অতি ম্লান দেখাবলৈ আৰম্ভ কৰে আৰু ইয়াৰ স্ক্ৰীণখন অতি পাতল থাকে ৷ যাৰ বাবে আমি যিকোনো চাফা কৰা সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত স্ক্ৰীণখন অজানিতে কেতিয়াবা নষ্ট হৈ পৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক যে আপুনি কেনেকৈ টিভিৰ স্ক্ৰীণ চাফা কৰিব পাৰে জানো আহক-

টিভিৰ সুক্ষ্ম পৰ্দাখন চাফা কৰিবলৈ বহুত যত্নৰ প্ৰয়োজন ৷ এটা সৰু ভুলে আপোনাৰ টিভিৰ ডাঙৰ ক্ষতি কৰিব পাৰে ৷ যদি আপুনি বেছি জোৰেৰে মচি পেলায়, তেন্তে পৰ্দাখন ভাঙি যায় আৰু ক্ষতিগ্ৰস্ত হয় ৷ ইয়াক চাফা কৰিবলৈ আপুনি চাফাই কাপোৰ ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ লগত লাহে লাহে লঘু হাতেৰে চাফা কৰিব লাগে ৷ আপুনি মাজে মাজে টিভিটো চাফা কৰি থাকিব লাগে ৷

সময়ে সময়ে আপোনাৰ টিভিৰ উজ্জ্বলতা পৰীক্ষা কৰিব লাগে ৷ ইয়াৰ লগে লগে আপোনাৰ টিভিৰ ক্ষতি হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷ এনে কৰিলে আপোনাৰ টিভিৰ ম্লানতা নাইকিয়া হৈ যাব ৷ ইয়াক পৰিষ্কাৰ কৰিবলৈ চাবোনৰ দ্ৰৱও ব্যৱহাৰ কৰিব লাগে ৷ টিভিটো এনে ঠাইত ৰাখিব লাগে য’ত সূৰ্যৰ পোহৰ নাহে ৷ ইয়াৰ ৰশ্মিয়ে টিভিৰ পৰ্দাত ক্ষতি কৰিব পাৰে ৷

টিভি পৰিষ্কাৰ কৰিবলৈ ঘৰতে বনোৱা স্প্ৰে ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ টিভিটো বহু পৰিমাণে পৰিষ্কাৰ হ’ব ৷ পানীত ভিনেগাৰ দি তাৰ পিছত ১ চামুচ এলকহল লৈ ভালদৰে লৰাই দিব ৷ এতিয়া তাত অলপ নেমুৰ তেল দিব আৰু এতিয়া আপোনাৰ ঘৰুৱা স্প্ৰে’ সাজু হ’ল ৷ সদায় কোমল কাপোৰেৰে পৰ্দা পৰিষ্কাৰ কৰিব লাগে ৷

আপুনি স্ক্ৰীণ ক্লিনাৰ ব্যৱহাৰ কৰিব পাৰে, এইটো আপোনাৰ বাবে সৰ্বোত্তম হ’ব ৷ টিভিৰ পৰ্দা পৰিষ্কাৰ কৰাৰ সময়ত ইয়াক ব্যৱহাৰ কৰিব লাগে ৷ টিভি চাফা কৰিবলৈ কেতিয়াও চেনিটাইজাৰ ব্যৱহাৰ কৰিব নালাগে, ই দাগবোৰ একেবাৰে পৰিষ্কাৰ নকৰে ৷ টিভিত কেতিয়াও কোনো ধৰণৰ চাফাই দ্ৰৱ ব্যৱহাৰ কৰিব নালাগে ৷ ইয়াৰ ফলত বহু ক্ষতি হ’ব পাৰে ৷

লগতে পঢ়ক:আপোনাৰ বটলত লুকাই থকা বীজাণুক এইসমূহ পদ্ধতিৰে কৰক চাফা

ABOUT THE AUTHOR

...view details