অসম

assam

ETV Bharat / health

২০২৫ৰ পৰা উপলব্ধ হ’ব কেন্সাৰ ভেকচিন!...AIৰ সহায়ত তৈয়াৰ হ’ব এই ভেকচিন - CANCER VACCINE

কেন্সাৰৰ দৰে ভয়াৱহ ৰোগৰ বিৰুদ্ধে যুঁজ এতিয়া হৈ পৰিব সহজ । mRNA নামৰ ভেকচিনে ২০২৫ চনৰ পৰা ৰক্ষা কৰিব কেন্সাৰ ৰোগীৰ প্ৰাণ-

Russia has developed its own cancer vaccine, to be distributed free of charge
2025ৰ পৰা উপলব্ধ হ’ব কেন্সাৰ ভেকচিন!...AIৰ সহায়ত তৈয়াৰ হ’ব এই ভেকচিন (ETV Bharat)

By ETV Bharat Health Team

Published : Dec 18, 2024, 11:02 AM IST

কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বৰ বাবে এক নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷ ৰাছিয়াই কেন্সাৰৰ নিজাকৈ mRNA ভেকচিন প্ৰস্তুত কৰিছে, যিটো ২০২৫ চনৰ আৰম্ভণিতে মুকলি কৰা হ’ব ৷ এই বৈপ্লৱিক ভেকচিন ৰোগীৰ বাবে বিনামূলীয়াকৈ উপলব্ধ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ৷ এই কথা ঘোষণা কৰিছে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ সাধাৰণ সঞ্চালক আন্দ্ৰেই কাপ্ৰিনে ৷

ৰাছিয়াৰ সংবাদ সংস্থা TASSৰ মতে, এই ভেকচিন কেন্সাৰৰ চিকিৎসাত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে ৷ গামালেয়া নেচনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ এপিডেমিঅ’লজি এণ্ড মাইক্ৰ’বায়’লজীৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টচবাৰ্গে কয় যে, এই ভেকচিনৰ প্ৰাক-ক্লিনিকেল ট্ৰায়েলৰ সময়ত টিউমাৰৰ বৃদ্ধি আৰু মেটাষ্টেছিছ (কেন্সাৰ বিস্তাৰ) প্ৰতিৰোধ কৰাত ই ফলপ্ৰসূ হোৱা দেখা গৈছিল ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও চলিত বৰ্ষৰ আৰম্ভণিতে কৈছিল যে, আমি নতুন প্ৰজন্মৰ কৰ্কট ৰোগৰ ভেকচিন আৰু ইমিউন’মডুলেটৰী ঔষধ সৃষ্টিৰ অতি ওচৰত ৷

AIৰ সহায়ত ব্যক্তিগতকৃত ভেকচিন দ্ৰুতগতিত তৈয়াৰ কৰা হ’ব

ৰাছিয়াৰ ভেকচিন বিশেষজ্ঞ গিণ্টচবাৰ্গে কয় যে, কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত ব্যক্তিগতকৃত কৰ্কট ৰোগৰ ভেকচিন নিৰ্মাণৰ প্ৰক্ৰিয়া ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ কৰিব পৰা যাব ৷ বৰ্তমান এই প্ৰক্ৰিয়াটো দীঘলীয়া আৰু জটিল কাৰণ ইয়াত গাণিতিক পদ্ধতি ব্যৱহাৰ কৰা হয় ৷ কিন্তু এআই আৰু নিউৰেল নেটৱৰ্ক কম্পিউটিঙৰ সহায়ত মাত্ৰ ৩০ মিনিটৰ পৰা ১ ঘণ্টাত ইয়াক সম্পূৰ্ণ কৰিব পৰা যাব ৷

কৰ্কট ৰোগৰ চিকিৎসাত ভেকচিনৰ ভূমিকা

কেন্সাৰ চিকিৎসাত ভেকচিনে ৰোগ প্ৰতিৰোধ ক্ষমতাক কৰ্কট কোষ চিনাক্ত কৰি ধ্বংস কৰাত সহায় কৰে ৷ চিকিৎসামূলক কেন্সাৰ ভেকচিনে টিউমাৰ কোষত থকা প্ৰ’টিন বা এন্টিজেনক বিশেষভাৱে লক্ষ্য কৰি লয়, যাৰ ফলত শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থাই টিউমাৰটো নিৰ্মূল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ উপৰিও প্ৰতিৰোধমূলক ভেকচিন যেনে এইচ পি ভি ভেকচিনে ভাইৰাছ সম্পৰ্কীয় কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷

লগতে পঢ়ক:কেন্সাৰ ৰোগীৰ বাবে ডাঙৰ সকাহ: হ্ৰাস হ’ব কৰ্কট ৰোগৰ এই তিনিবিধ ঔষধৰ মূল্য

ABOUT THE AUTHOR

...view details