ETV Bharat / health

Coronaৰ ৫ বছৰ পাছত পুনৰ বিয়পিছে এটা নতুন ভাইৰাছ...চিকিৎসালয় ভৰিছে ৰোগীৰে - NEW EPIDEMIC IN CHINA

পুনৰবাৰ চীনত দেখা দিছে এক ৰহস্যজনক ৰোগে এই ৰোগৰ দ্রুতগতিত বৃদ্ধি পোৱা ৰোগীয়ে কেৱল চীনকে নহয়, বিশ্বৰ আন আন দেশকো চিন্তিত কৰি তুলিছে, পঢ়ক সবিশেষ-

New Epidemic In China? Fact-Checking Videos Showing 'Overwhelmed Hospitals'
Coronaৰ ৫ বছৰৰ পাছত পুনৰ বিয়পি পৰিছে এটি নতুন ভাইৰাছ...চিকিৎসালয়ত ভৰি পৰিছে ৰোগী (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jan 3, 2025, 12:50 PM IST

চীনত পুনৰবাৰ এক ৰহস্যজনক ৰোগে দেখা দিছেহি, যিয়ে সামাজিক মাধ্যমত উৰাবাতৰি বিয়পি পৰাৰ ক্ষেত্ৰত ইন্ধন যোগাইছে । শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই খবৰ ভাইৰেল হৈ পৰিছে যে চীনৰ চিকিৎসালয়সমূহ ৰোগীৰে উপচি পৰিছে, শ্মশানসমূহ অতিমাত্ৰা ভিৰ হৈছে, আৰু ইনফ্লুৱেঞ্জা এ, মাইকোপ্লাজমা নিউমোনিয়া, আৰু হিউমেন মেটাপনিউমোভাইৰাছ (hMPV) আদি কেইবাটাও ভাইৰাছৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি এটি খবৰ বিয়পি পৰিছে । একাংশই ইয়াক নতুন মহামাৰীৰ লক্ষণ বুলিও অভিহিত কৰিছে ।

বৰ্তমান সময়ত চীনত বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে । সৰু শিশু (যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এতিয়াও সম্পূৰ্ণ বিকশিত হোৱা নাই) আৰু বৃদ্ধ (যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল) এই ৰোগত অধিক আক্ৰান্ত হয় । লক্ষণ চৰ্দি আৰু ফ্লুৰ দৰেই – জ্বৰ, কাহ, নাকেৰে পানী ওলোৱা আৰু কেতিয়াবা উশাহ লোৱাত কষ্ট হোৱা । গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতা আহিব পাৰে । অৱশ্যে এই সন্দৰ্ভত চীন চৰকাৰ বা বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কোনো আনুষ্ঠানিক সতৰ্কবাণী জাৰি কৰা নাই । বিশেষজ্ঞসকলৰ মতে এই ৰোগ ঋতুভিত্তিক উত্থান আৰু নতুন মহামাৰী নহয় ।

সঁচাকৈয়ে এয়া মহামাৰী নে ?

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ’ আৰু দাবী যে চিকিৎসালয়সমূহ ৰোগীৰে উপচি পৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে বুলি এতিয়াও প্ৰমাণিত হোৱা নাই ।

বিশেষজ্ঞসকলে কয় যে, এই ঋতুভিত্তিক উত্থানৰ মূল কাৰণ হৈছে ঠাণ্ডা বতৰ আৰু ক’ভিডৰ পিছৰ প্ৰভাৱ । Covid-লকডাউনৰ সময়ত মানুহৰ অন্যান্য সাধাৰণ ভাইৰাছৰ সংস্পৰ্শ হ্ৰাস পাইছিল, যাৰ ফলত তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাইছিল । বিশেষজ্ঞসকলৰ মতে বৰ্তমান ইনফ্লুৱেঞ্জা এ হৈছে প্ৰধান ৰোগ, আৰু এইচএমপিভিৰ সংখ্যা কমেইহে পোৱা গৈছে । কিন্তু hMPV নতুন ৰোগ নহয়; ২০০১ চনত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল আৰু প্ৰতি বছৰে ঋতুভিত্তিক সংক্ৰমণ হিচাপে ই দেখা দিয়ে ।

ইয়াৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি ?

এই ৰোগ প্ৰতিৰোধৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লওক । ভিৰ থকা ঠাইত মাস্ক পৰিধান কৰক আৰু অসুস্থ হ’লে ঘৰতে থাকক । বিশেষকৈ শিশু আৰু বৃদ্ধৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখক আৰু প্ৰয়োজন হ’লে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক । চীনত এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সমগ্ৰ বিশ্বতে পুনৰবাৰ লকডাউনৰ উৰাবাতৰিৰ সৃষ্টি হৈছে যদিও বিশেষজ্ঞসকলে কয় যে এইটো এটা স্বাভাৱিক ঋতুভিত্তিক ৰোগ আৰু ইয়াক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই লগতে উৰাবাতৰিৰ ওপৰতো বিশ্বাস কৰি কোনো লাভ নাই ৷

লগতে পঢ়ক

  1. ভিটামিন B12 আমাৰ শৰীৰৰ বাবে কিয় গুৰুত্বপূৰ্ণ ? জানি লওক কাৰণ
  2. উভতি চাও ২০২৪: এই বৰ্ষত কোনবোৰ ৰোগে আতংকৰ সৃষ্টি কৰিছিল এবাৰ চকু ফুৰাও আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.