ETV Bharat / health

HMPV: "চিন্তাৰ কোনো কাৰণ নাই" ক’লে ভাৰতীয় স্বাস্থ্য সংস্থাই - HMPV

চীনত ক’ভিড সদৃশ HMPVৰ প্ৰাদুৰ্ভাৱৰ খবৰৰ মাজতে ভাৰতীয় স্বাস্থ্য সংস্থাই কয় যে, এই ৰোগ সাধাৰণ কাহ, চৰ্দি তথা আন যিকোনো শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ দৰেই ৷

HMPV Virus in China: This disease is not as dangerous as coronavirus, says Indian health agency
HMPV: "চিন্তাৰ কোনো কাৰণ নাই" ক’লে ভাৰতীয় স্বাস্থ্য সংস্থাই (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jan 4, 2025, 4:24 PM IST

চীনত পুনৰবাৰ এক ৰহস্যজনক ৰোগে দেখা দিছেহি, যিয়ে সামাজিক মাধ্যমত উৰাবাতৰি বিয়পি পৰাৰ ক্ষেত্ৰত ইন্ধন যোগাইছে । শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই খবৰ ভাইৰেল হৈ পৰিছে যে চীনৰ চিকিৎসালয়সমূহ ৰোগীৰে উপচি পৰিছে, শ্মশানসমূহ অতিমাত্ৰা ভিৰ হৈছে, আৰু ইনফ্লুৱেঞ্জা এ, মাইকোপ্লাজমা নিউমোনিয়া, আৰু হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) আদি কেইবাটাও ভাইৰাছৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি এটি খবৰ বিয়পি পৰিছে । একাংশই ইয়াক নতুন মহামাৰীৰ লক্ষণ বুলিও অভিহিত কৰিছে ।

বৰ্তমান সময়ত চীনত বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে । সৰু শিশু (যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এতিয়াও সম্পূৰ্ণ বিকশিত হোৱা নাই) আৰু বৃদ্ধ (যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল) এই ৰোগত অধিক আক্ৰান্ত হয় । লক্ষণ চৰ্দি আৰু ফ্লুৰ দৰেই – জ্বৰ, কাহ, নাকেৰে পানী ওলোৱা আৰু কেতিয়াবা উশাহ লোৱাত কষ্ট হোৱা । গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতা আহিব পাৰে । অৱশ্যে এই সন্দৰ্ভত চীন চৰকাৰ বা বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কোনো আনুষ্ঠানিক সতৰ্কবাণী জাৰি কৰা নাই । বিশেষজ্ঞসকলৰ মতে, এই ৰোগ কেৱল ঋতুভিত্তিক সংক্ৰমণ আৰু নতুন মহামাৰী নহয় ।

তৎস্বত্বেও আজি এই ৰোগৰ বিষয়ে বিতংভাৱে জানো আহক-

কি হয় এইচ এম পি ভি ভাইৰাছ ?

এইচ এম পি ভি বা হিউমেন মেটানিউমোভাইৰাছ হৈছে শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ যিয়ে সাধাৰণতে কাহ, জ্বৰ, নাক বন্ধ হোৱা, উশাহ-নিশাহ লোৱাত অসুবিধা আদি লক্ষণৰ সৃষ্টি কৰে ৷

কোনবোৰ লোকৰ বিপদ বেছি

এই ভাইৰাছে বিশেষকৈ সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকক আক্ৰান্ত কৰে ৷ চীনৰ চৰকাৰী সম্প্ৰচাৰক চিচিটিভিয়ে প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰৰ শেষৰ ফালে ১৪ বছৰ আৰু তাৰ তলৰ শিশুৰ এই ৰোগ দেখা দিছে ৷ এই ভাইৰাছ শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ যোগেদি বিয়পে আৰু প্ৰত্যক্ষ সংস্পৰ্শ যেনে হাত মিলোৱা বা দূষিত বস্তু স্পৰ্শ কৰাৰ ফলতো বিয়পিব পাৰে ৷

এই ভাইৰাছ কেনেকৈ বিয়পে

বেইজিং ইউয়ান হাস্পতালৰ শ্বাস-প্ৰশ্বাস আৰু সংক্ৰামক ৰোগ বিভাগৰ মুখ্য চিকিৎসক লি টংজেঙে জনোৱা মতে, শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ যোগেদি এজনৰ পৰা আন এজন ব্যক্তিলৈ এই ভাইৰাছ বিয়পি পৰে ৷ তদুপৰি এই ভাইৰাছত আক্ৰান্ত বস্তু স্পৰ্শ কৰিলেও এই সংক্ৰমণ বিয়পিব পাৰে ৷

প্ৰতিৰোধমূলক ব্যৱস্থা

এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বিশেষজ্ঞসকলে মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে ৷

এন্টিভাইৰেল ঔষধ ব্যৱহাৰ নকৰা

বৰ্তমান এই ভাইৰাছৰ বাবে বিশেষ এন্টিভাইৰেল ঔষধ উপলব্ধ নহয় ৷ চাংহাইৰ এখন চিকিৎসালয়ৰ শ্বাস-প্ৰশ্বাসজনিত বিশেষজ্ঞই সকীয়াই দিছে যে চিকিৎসকৰ পৰামৰ্শ অবিহনে HMPVৰ চিকিৎসাত এন্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰাটো উচিত নহয় ৷

ইফালে, চীনত ক’ভিড সদৃশ এই হিউমেন মেটাপনিউমোভাইৰাছ (HMPV)ৰ প্ৰাদুৰ্ভাৱৰ খবৰৰ মাজতে ভাৰতীয় স্বাস্থ্য সংস্থাই কয় যে, চুবুৰীয়া দেশখনত বিয়পি পৰা এই ভাইৰাছ “ সাধাৰণ কাহ, চৰ্দি তথা আন যিকোনো শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ দৰেই”, আৰু এই ক্ষেত্ৰত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ৷ চীনত এইচএমপিভি বিয়পি পৰা আন যিকোনো শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ দৰেই যিয়ে চৰ্দি, কাহৰ দৰে সমস্যাৰ সৃষ্টি কৰে, ইয়াৰ বাবে ভয় খোৱাৰ প্ৰয়োজন নাই,"

ইফালে, স্বাস্থ্য সঞ্চালকালয়ৰ ডাঃ অতুল গোৱেলে কয়, "সাধাৰণৰতে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ এনে বতৰত হোৱাটো স্বাভাৱিক আৰু ইয়াৰ বাবে নিয়মীয়া সাৱধানতা অৱলম্বন কৰাটো উচিত প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ কৰিব পাৰে ।"

লগতে পঢ়ক

  1. Coronaৰ ৫ বছৰ পাছত পুনৰ বিয়পিছে এটা নতুন ভাইৰাছ...চিকিৎসালয় ভৰিছে ৰোগীৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.