ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে ঠাণ্ডা আৰু অধিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ বতৰৰ এই পৰিৱৰ্তনে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰাৰ লগতে ইটোৰ পিছত সিটো সমস্য়াই দেখা দিবলৈ আৰম্ভ কৰে ৷ বহু সময়ত চৰ্দি ভাল হোৱাৰ পিছতো ডিঙিৰ বিষ বহুদিনলৈকে থাকে বা কফ জমা হোৱাৰ বাবে, কাহৰ লগতে বুকুৰ বিষ আৰম্ভ হয় ৷ কিছুমান প্ৰাকৃতিক বস্তুৱে ঔষধৰ দৰে কাম কৰে যিয়ে ডিঙিৰ বিষৰ সমস্যাৰ পৰা উপশম দিয়াই নহয়, কাহ আৰু চৰ্দিৰ পৰাও মুক্তি দিয়ে ৷
ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যা হ’লে কেতিয়াবা খোৱা-বোৱা বা কথা কওঁতেও অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় আৰু ইয়াৰ যত্ন নল’লে সমস্যা বাঢ়িব পাৰে ৷ বৰ্তমান ভাইৰাছজনিত সমস্যাৰ বাবে বাৰে বাৰে ঔষধ খোৱাটো উচিত নহয়, গতিকে ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনবোৰ বস্তু আপোনাৰ বাবে উপযোগী হ’ব পাৰে জানো আহক-
তুলসীগছ ঘৰত সহজে পোৱা যায় ৷ ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যা হ’লে তুলসীৰ ৰস খালে উপশম পাব পাৰে ৷ ইয়াৰ দ্বাৰা চৰ্দি আৰু কাহৰ পৰাও বহুখিনি সকাহ পোৱা যায় ৷