গুৱাহাটী, 29 আগষ্ট: বৰ্তমান সময়ত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত অন্যতম সমস্যা হৈছে অন্ধত্বৰ ৷ সজাগ আৰু সচেতনতাৰ অভাৱত একাংশলোক প্ৰথম অৱস্থাত চকুৰ ভিন্ন সমস্যাত ভোগাৰ লগতে পৰৱৰ্তী সময়ত অন্ধ হোৱাও দেখা যায় ৷ এই সমস্যাত ভোগা একাংশ লোকেই হৈছে গ্ৰামাঞ্চলৰ ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে অসমৰ গ্ৰামাঞ্চলসমূহৰ যিসমূহ সমস্যা আছে সেই সমূহৰ ভিতৰত এটি অন্যতম সমস্যা হৈছে যাতায়ত আৰু দ্বিতীয়তো হৈছে চিকিৎসাৰ পৰিসৰ ৷ গ্ৰামাঞ্চলসমূহত চিকিৎসাৰ পৰিসৰ যিমানখিনি আছে সেয়া পৰ্যাপ্ত নহয় ৷ তদুপৰি অন্য কিছু সমস্যাও আছে যেনে বানপানীৰ সমস্যা, আৰ্থিক সমস্যা আদি ৷ এনেবোৰ কাৰণতে বা আৰ্থিক সমস্যাৰ কাৰণে বহু সময়ত বহু সৰু সৰু যেন লগা ৰোগসমূহৰ চিকিৎসা নকৰাকৈ থাকে ৷ তাৰে ভিতৰত প্ৰায়ে দেখা এটা ৰোগ হৈছে চকুৰ ৰোগ ৷
চকুৰ কিবা সমস্যা হ'লে সাধাৰণতে চিকিৎসা নকৰাকৈয়ে থকা দেখা যায় ৷ কাৰণ এজন লোকে যদি গাঁওৰ পৰা চহৰলৈ আহি চিকিৎসা কৰিবলগীয়া হয় তেতিয়া পৰিসংখ্যা অনুসৰি ব্যক্তিজনৰ ২ ৰ পৰা ৩ হাজাৰ পৰ্যন্ত টকা খৰচ হয় ৷ এই পৰিমাণৰ ধন ব্যয় কৰি সাধাৰণতে আৰ্থিকভাৱে পিছপৰা এটা পৰিয়ালৰ সমৰ্থন নাথাকে ৷ ইফালে চকুৰ পৰীক্ষা কৰি এজোৰ চশমা দিব পৰা চিকিৎসা কেন্দ্ৰ গ্ৰামাঞ্চলসমূহত প্ৰায়ে নাথাকে ৷ যাৰ বাবে চকুৰ স্বাস্থ্য কেনেদৰে আছে সেয়াও জনাৰ পৰা বঞ্চিত হ'বলগীয়া হয় বহুলোক ৷
এক সমীক্ষা অনুসৰি অসমৰ প্ৰায়ভাগ গ্ৰামাঞ্চলতে দৃষ্টিহীনতাৰ সমস্যাত ভোগা লোকৰ সমস্যা অধিক ৷ এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ তথা সঠিক চিকিৎসা কৰাৰ উদ্দেশ্যে ওলাই আহিছে এটি সংস্থা ৷ 'নেচনেল প্ৰ'গ্ৰেম ফ'ৰ কনট্ৰল অৱ ব্লাইণ্ডনেচআৰু চৰকাৰী স্বাস্থ্য বিভাগৰ' সন্মিলিত প্ৰচেষ্টাত দৃষ্টিহীনতাৰ সমস্যা নিবাৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ দ্বাৰা বহু কেইখন গাঁৱত অন্ধত্ব নিবাৰণ কৰা হৈছে যদিও কিছু ক্ষেত্ৰত বিফল হ'ব লগীয়াও হৈছে ৷