নমিতা থাপাৰ এগৰাকী সুপৰিচিত আৰু অতি সফল ব্যৱসায়ী ৷ এমকিউৰ ফাৰ্মাচিউটিকেলছৰ(Emcure pharmaceuticals) কাৰ্যবাহী সঞ্চালিকা ৷ বিগত তিনি বছৰ ধৰি শ্বাৰ্ক টেংকৰ বিচাৰক হিচাপে কাম কৰি আহিছে নমিতাই ৷ শেহতীয়াকৈ নমিতাই ইনষ্টাগ্ৰামত শ্বাৰ্ক টেংকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ পেৰিমেন’পজৰ কথা মুকলিকৈ উল্লেখ কৰিছে ৷
নমিতাই কয় যে, তেওঁ পেৰিমেন’প’জৰ মাজেৰে পাৰ হৈ আছে ৷ এই সময়ছোৱাত তেওঁ প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবে অসুবিধাত ভুগিবলগীয়া হয় ৷ কেৱল এয়াই নহয়, পেৰিমেন’প’জৰ সময়ত প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবে তেওঁ ৰক্তহীনতাতো ভুগিবলগীয়া হৈছিল ৷ জানো আহক মহিলাসকলৰ ক্ষেত্ৰত দেখা দিয়া পেৰিমেন’প’জ দৰাচলতে হয় কি ? লগতে পেৰিমেন’পজৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থাসমূহো জানি লওক-
পেৰিমেন’পজ কি ?
পেৰিমেন’পজ হ’ল ৰজোনিবৃত্তিৰ পূৰ্বে হোৱা এক অৱস্থা ৷ ইয়াত ঋতুস্ৰাৱ অনিয়মীয়া হৈ পৰে ৷ সাধাৰণতে মহিলাসকলে পেৰিমেন’পজৰ লক্ষণসমূহ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে প্ৰায় ৪০ বছৰ বয়সত ৷ কিছুমান মহিলাৰ ক্ষেত্ৰত ৩০ বছৰ বয়সতো পেৰিমেন’পজ আৰম্ভ হ’ব পাৰে ৷ ৰজোনিবৃত্তিৰ সময়ত শৰীৰত বহুতো পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে ৷ পেৰিমেন’পজত ঋতুস্ৰাৱ অনিয়মীয়া হ’বলৈ আৰম্ভ কৰে ৷ এই সময়ছোৱাত মহিলাসকল টোপনিৰ সমস্যা, মেজাজৰ পৰিৱৰ্তন, ভাগৰ আৰু হট ফ্লেচৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷