অসম

assam

ETV Bharat / health

মাখানা আমাৰ বাবে কিমান উপকাৰী ? বয়স অনুসৰি কিমান পৰিমাণে মাখানা খোৱা উচিত - MAKHANA CONSUMPTION

বয়স অনুযায়ী দৈনিক কিমান মাখানা খাব লাগে ? মাখানা খালে আমাৰ শৰীৰে কেনেধৰণৰ উপকাৰিতা লাভ কৰে জানি লওক বিশেষজ্ঞৰ পৰা-

Makhana Consumption: Expert Recommendations for Daily Intake Based on Age
মাখানা আমাৰ বাবে কিমান উপকাৰী ? বয়স অনুসৰি কিমান পৰিমাণে মাখানা খোৱা উচিত (ETV Bharat)

By ETV Bharat Health Team

Published : Feb 1, 2025, 5:31 PM IST

আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মখানাৰ উৎপাদন, বিপণন আৰু প্ৰক্ৰিয়াকৰণৰ প্ৰচাৰৰ বাবে বিহাৰত মখানা ব’ৰ্ড গঠনৰ কথা ঘোষণা কৰিছে ৷ কোৱা হৈছে যে, এই ঘোষণা বিহাৰৰ কৃষকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব আৰু মাখানা ব’ৰ্ড গঠনে কৃষকসকলক আৰু অধিক উপকৃত কৰিব ৷

মাখানাক বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈছে ৷ ইয়াত বহু ধৰণৰ ভিটামিন আৰু পুষ্টিকৰ উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি অধ্যয়নত প্ৰমাণিত হৈছে ৷ আশা কৰা হৈছে যে এই সিদ্ধান্তৰ লগে লগে মাখানাৰ উৎপাদন বৃদ্ধি পাব আৰু তুলনামূলকভাৱে কম মূল্যত ৰাইজৰ বাবে উপলব্ধ হ’ব ৷

মাখানাক বহুতে পদুমৰ গুটি বুলিও কয় ৷ ই মানৱ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য বুলি গণ্য কৰা হয় ৷ মাখানাত প্ৰ’টিন, ফাইবাৰ, খনিজ পদাৰ্থ, আৰু এন্টিঅক্সিডেন্ট থাকে ৷ যিয়ে শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ৷ লঘু হোৱাৰ বাবে ইয়াক শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে উপকাৰী ৷ কিন্তু বয়স অনুযায়ী কিমান মাখানা খাব লাগে জানেনে ?

চিকিৎসক তথা বিশেষজ্ঞৰ মতে, মাখানা খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই ভাল ৷ কিন্তু বেছিকৈ খোৱাটোও বিপদজনক হ’ব পাৰে ৷ ইয়াক অতিমাত্ৰা খালে পেটৰ সমস্যা হয় ৷ এনে ক্ষেত্ৰত বয়স অনুযায়ী কিমান মাখানা খাব লাগে সেই কথা জনাটো জৰুৰী ৷

৩ বছৰ আৰু তাৰ তলৰ শিশু

পুষ্টিবিদসকলে কয় যে, এই বয়সৰ শিশুক কম পৰিমাণেহে মাখানা খুৱাব লাগে ৷ দৈনিক ৫ টা মাখানা দিব পাৰি ৷ শিশুৰ পাচনতন্ত্ৰৰ বিকাশ আৰম্ভ হোৱা সময় এয়া ৷ অধিক পৰিমাণে খালে পাচনতন্ত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

১০ বছৰ বয়সৰ শিশুৰ বাবে

এই বয়সলৈকে শিশুক ১৫টা গুটি মাখানা খুৱাব পৰা যায় ৷ এই বয়সত শিশুৰ পাচনতন্ত্ৰ অলপ শক্তিশালী হৈ উঠে ৷ ইয়াৰ ফলত শিশুৱে পুষ্টিকৰ উপাদানসমূহ শোষণ কৰিব পাৰে ৷

প্ৰাপ্তবয়স্কৰ বাবে

প্ৰাপ্তবয়স্কক ১৫ৰ পৰা ২০ গ্ৰাম মাখানা খাব পাৰে ৷ কিন্তু ইয়াৰ পৰিমাণ বিভিন্ন বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কম বেছি পৰিমাণে হ’ব পাৰে ৷

কেনেকৈ খাব ?

মাখানাও পোনপটীয়াকৈ খাব পাৰে ৷ অৱশ্যে ইয়াৰ পৰা অধিক সুফল পাবলৈ মাখানা গাখীৰত উতলাই খাব পাৰে ৷ ইয়াক মৌ আৰু ফলৰ সৈতেও খাব পাৰে ৷ ইয়াৰ দ্বাৰা সোৱাদ আৰু পুষ্টি দুয়োটা লাভ কৰিব ৷

মাখানা খোৱাৰ উপকাৰিতা

  • মাখানাত এন্টিঅক্সিডেন্ট থাকে, যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে
  • ইয়াত কেল’ৰি কম থাকে আৰু প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যাৰ ফলত পেটটো বহুসময় ধৰি ভৰি থাকে
  • মাখানাত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে
  • কোষ্ঠকাঠিন্যৰ বাবেও মাখানাক উপকাৰী বুলি গণ্য কৰা হয়

উৎস:-https://www.carehospitals.com/blog-detail/13-health-benefits-of-makhana-lotus-seeds-benefits/#:~:text=Digestive%20Issues%3A%20Eating%20too%20many,could%20lead%20to%20weight%20gain.

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

  1. আপোনাৰ স্বাস্থ্যৰ বাবে মাখানা কিমান উপকাৰী জানেনে ? - Makhana Benefits
  2. বিভিন্ন গুণাগুণেৰে সমৃদ্ধ মাখানাৰ উপকাৰিতা জানো আহক
  3. Weight Loss Diet: ব্যায়াম নকৰাকৈ ওজন কমাবলৈ ব্ৰেকফাষ্টত খাওক পিনাট বাটাৰ মাখানা

ABOUT THE AUTHOR

...view details