গুৱাহাটী, 25 জানুৱাৰী: যি কোনো শুভকাম কৰিবলৈ যোৱাৰ পূৰ্বে দিন-বাৰ হিচাপে আমি কেনেধৰণৰ ৰং ব্যৱহাৰৰ কৰিব পাৰো সেইবিষয়ে আমি ভালদৰে নাজানো ৷ সেয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সপ্তাহৰ প্ৰতিটো বাৰত কি ধৰণৰ ৰং বা কি ৰংৰ বস্ত্ৰ পৰিধান কৰিলে সুফল লাভ কৰিব সেই বিষয়ে বিৱৰি ক’লে বাস্তুশাস্ত্ৰ বিশেষজ্ঞ ড৹ কৰবী বেজবৰুৱাই ৷
- দেওবাৰৰ বাবে শুভ ৰং হৈছে ৰং, কমলা আৰু সোণালী ৷ এইকেইটা ৰং ব্যৱহাৰ কৰিলে বা এই ৰংৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে দেওবাৰে শুভফল লাভ কৰিব পৰিব ৷
- সোমবাৰৰ বাবে শুভ ৰং হৈছে বগা বা মাখন ৰং ৷ এইকেইটা ৰং ব্যৱহাৰ কৰিলে বা এই ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে সোমবাৰে শুভফল লাভ কৰিব পৰিব ৷
- মংগলবাৰৰ বাবে শুভ ৰং হৈছে ৰঙা বা কমলা ৰং ৷ এইকেইটা ৰং ব্যৱহাৰ কৰিলে বা এই ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে মংগলবাৰৰ দিনটোত শুভফল লাভ কৰিব পৰিব ৷
- বুধবাৰৰ বাবে শুভ ৰং হৈছে সেউজীয়া বা পাতল নীলা ৰং ৷ এইকেইটা ৰং ব্যৱহাৰ কৰিলে বা এই ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে এইবাৰে শুভফল লাভ কৰিব পৰিব৷
- বৃহস্পতিবাৰে হালধীয়া ৰং খুব বেছি পৱিত্ৰ বুলি বিবেচনা কৰা হয় ৷
- শুকুৰবাৰে যিকোনো ধৰণৰ ৰং বা মিশ্ৰিত ৰং ব্যৱহাৰ কৰিব পাৰে ৷ যদিহে কোনো ধৰণৰ ইণ্টাৰভিউ বা কিবা থাকে তেন্তে বগা বা ছিলভাৰ ৰংৰ বস্ত্ৰ পৰিধান কৰিব পাৰে ৷
- শনিবাৰৰ বাবে শুভ ৰং ডাঠ নীলা বা ডাঠ বেঙুনীয়া বিবেচিত হয় ৷