১১ মে’ ২০২৪ শনিবাৰে পঞ্জিকা অনুসৰি ব’হাগ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি ৷ চন্দ্ৰই আজি মিথুন ৰাশিত অৱস্থান কৰিছে ৷ মিথুন ৰাশিৰ অধিপতি গ্ৰহ হ’ল বুধ ৷ বুধে মেষ ৰাশিত গোচৰ কৰি তাতেই শুক্ৰ আৰু বুধৰ যুঁটি গঠন কৰিছে ৷ ইয়াৰ ফলত মেষ ৰাশিত আজি থাকিব লক্ষ্মী নাৰায়ণ যোগ ৷ ইয়াৰোপৰি আজিৰ শুভ যোগসমূহ হৈছে ৰবি যোগ আৰু সুকৰ্ম যোগ ৷
শনিবাৰে থাকিব প্ৰথমে মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱ ৷ ইয়াৰ ফলত আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ ৷ হিন্দুধৰ্ম মতে শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন ৷ সেয়ে জানো আহক আজি অৰ্থাৎ ১১ মে’ শনিবাৰে জ্যোতিষ গণনা অনুসৰি কোন কেইটা ৰাশিৰ জাতকৰ সৌভাগ্য লাভ হ’ব ৷
বৃষ ৰাশি
১১ মে‘ মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱত লাভৱান হ’ব বৃষ ৰাশিৰ জাতক-জাতিকা ৷ ৰৈ থকা কাম সম্পন্ন হ’ব ৷ কেৰিয়াৰত আজি উন্নতিৰ যোগ ৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব বৃষ ৰাশিৰ জাতক-জাতিকা ৷ লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতিও আজি ভাল হ’ব আপোনাৰ ৷
কৰ্কট ৰাশি
ৰবি যোগৰ শুভ ফল লাভ কৰিব কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে ৷ আজি সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা দুয়োটাই বৃদ্ধি পাব ৷ আজি নতুন চাকৰি পোৱাৰ যোগ আছে ৷ শনি ঠাকুৰৰ আশীৰ্বাদত আজি ব্যৱসায়ত উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলো ৷ সুকৰ্ম যোগৰ প্ৰভাৱত পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব ৷