অসম

assam

ETV Bharat / health

ভাৰতত বছৰি ডেৰ লাখ লোকে বৃক্ক সংৰোপণৰ বাবে অপেক্ষা কৰে: ডাঃ সর্বেশ্বৰ চহৰীয়া

Heart disease : বছৰি কমেও ২৪ লাখ লোকৰ মৃত্যু হয় বৃক্কৰ ৰোগ আৰু হৃদৰোগত । সেয়েহে হেল্থ চিটি চিকিৎসালয়ে ডাঃ সর্বেশ্বৰ চহৰীয়াৰ নেতৃত্বত আৰম্ভ কৰিছে বৃক্ক সংৰোপণ ।

Press Meet in Health City
হেল্থ চিটি চিকিৎসালয়

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 10:22 PM IST

গুৱাহাটী , ৯ মাৰ্চ: বিশ্বজুৰি বৃক্ক আৰু হৃদৰোগ এক জটিল স্বাস্থ্যজনিত সমস্যা । ইয়াৰ ফলত প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয় । বিশ্বজুৰি নিৰীক্ষণ কৰিলে ৮৫ কোটি লোক এতিয়া বিভিন্ন কাৰণত বৃক্কৰ ৰোগত আক্রান্ত বুলি অনুমান কৰিব পাৰি । দীর্ঘদিনীয়া বৃক্কৰ ৰোগ আৰু হৃদৰোগৰ ফলত বছৰি কমেও ২৪ লাখ লোকৰ মৃত্যু হয় । এতিয়া ৰোগ হিচাপে এই ৰোগে ষষ্ঠ স্থানত আছে যিয়ে দ্রুতগতিত বৃদ্ধি পোৱা মৃত্যুৰ কাৰণ হিচাপে চিহ্নিত হৈছে । ভাৰতত বছৰি প্ৰায় ৮০,০০০ ৰোগীক ESRD ৰ শাৰীত যোগ কৰা হয় ।

অৱশ্যে এই ৰোগ দুবিধৰ ভিতৰত মাত্র ২.৪ % ৰোগীয়েহে বৃক্ক সংৰোপণ কৰে যদিও উত্তৰ-পূব অঞ্চলত চি কে ডিব প্রাদুর্ভাৱ আৰু হৃদৰোগৰ প্ৰদুৰ্ভাৱ প্ৰায় ১২%-১৫% বুলি অনুমান কৰা হৈছে যিটো ৰাষ্ট্ৰীয় গড় ১০-১২% তকৈ বেছি । ভাৰতত প্ৰতি বছৰে প্ৰায় ১ লাখ ৫০ হাজাৰ লোকে বৃক্ক সংৰোপণৰ বাবে অপেক্ষা কৰে যদিও মাত্র ৫ হাজাৰ লোকেহে বৃক্ক সংৰোপণ কৰাত সফল হয় । উত্তৰ-পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পোৱা বৃক্ক ৰোগীৰ সংখ্যা আৰু প্ৰতিস্থাপনৰ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি হেল্থ চিটি চিকিৎসালয়ে ডাঃ সর্বেশ্বৰ চহৰীয়াৰ নেতৃত্বত বৃক্ক সংৰোপণ আৰম্ভ কৰিছে ।

আনহাতে,উত্তৰ-পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে হৃদযন্ত্র সংৰোপনৰ বিশেষ ব্যৱস্থাও আজি মুকলি কৰে চিকিৎসালয়খনৰ কর্তৃপক্ষই । আজি অনুষ্ঠানত আনুষ্ঠানিকভাৱে বৃক্ক আৰু হৃদযন্ত্র সংৰোপনৰ কক্ষ উদ্বোধন কৰে হেল্থ চিটি চিকিৎসালয়ৰ পৰিচালন সঞ্চালক ডাঃ ভৱানন্দ দাসৰ লগতে পদ্মশ্রী বঁটাৰে বিভূষিত ডাঃ সর্বেশ্বৰ চহৰীয়াই । লগতে অনুস্থানটোত ডাঃ অতনু বৰঠাকুৰ, ডাঃ বিকাশ চৌধুৰী, ডাঃ পল্লৱী বৰদলৈৰ লগতে জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকে। শেহতীয়াকৈ চিকিৎসালয়খনত চাৰিটা বৃক্ক সংৰোপণ সফলতাৰে কৰা হৈছে । সংৰোপন কৰা আটাইকেইজন ৰোগীকে সুস্থিৰ অৱস্থাত ঘৰলৈ যাবলৈ দিয়া হৈছে বুলিও কয় ডাঃ সর্বেশ্বৰ চহৰীয়াই ।

লগতে পঢ়ক:মোবাইল-টিভি অবিহনে আপোনাৰ শিশুৱে খাদ্য খাব, মাত্ৰ অনুসৰণ কৰক এইসমূহ টিপছ

ABOUT THE AUTHOR

...view details