অসম

assam

40ৰ পিচত ওজন হ্ৰাস কৰাটো কঠিন হৈ পৰিছে ? তেন্তে পুষ্টিবিদে আপোনাক দিব ইয়াৰ উপায়

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 10:37 AM IST

Belly Fat Burning Tips: ওজন হ্ৰাস কৰাটো কোনো সহজ কাম নহয়, ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম আৰু আত্মনিয়ন্ত্ৰণৰ প্ৰয়োজন, বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত ওজন কমাবলৈ অলপ কঠিন হৈ পৰে । তেনে ক্ষেত্ৰত আমি কি কৰা উচিত পুষ্টিবিদৰ পৰা জানো আহক-

How to lose weight after 40 years ? nutritionist told how you can lose weight
40ৰ পিচত ওজন হ্ৰাস কৰাটো কঠিন হৈ পৰিছে ? তেন্তে পুষ্টিবিদে আপোনাক দিব ইয়াৰ উপায়

বৰ্তমান সময়ত প্ৰায় সকলো বয়সৰ লোকে নিজৰ বৃদ্ধি পোৱা ওজনৰ বাবে চিন্তাত পৰিবলগীয়া হয়, বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত পেট আৰু কঁকালৰ চৰ্বি কমাবলৈ টান হৈ পৰে, কাৰণ তেতিয়ালৈকে কাৰ্যালয় আৰু পৰিয়ালৰ দায়িত্ব বহুত বাঢ়ি যায় আৰু তাৰ পিছত আমি নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈও আহৰি নাপাও ৷ সঠিক ওজন বজাই ৰাখিব নোৱাৰিলে উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু মধুমেহ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়; আনকি মেদবহুলতাৰ বাবে বহুতে নিজৰ প্ৰাণো হেৰুওৱাবলগীয়া হয় ৷ সেয়ে আজি পুষ্টিবিদৰ পৰা জানো আহক কেনেকৈ চল্লিশৰ উৰ্ধৰ লোকে নিজৰ ওজন কমাব পাৰে ৷

কাৰ্ব নহয়, কেলৰি হ্ৰাস কৰক

আমাৰ মাজৰ বহুতেই পেটৰ চৰ্বি কমোৱাৰ বাবে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য সামগ্ৰী খাবলৈ বন্ধ কৰি দিও, কিন্তু তেনে কৰিলে আপোনাৰ শৰীৰৰ লাভৰ পৰিৱৰ্তে বিৰূপ প্ৰভাৱহে পৰিব পাৰে ৷ কাৰ্ব খালে আমাৰ শৰীৰত শক্তি লাভ কৰে, যিটো দৈনন্দিন কামৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ ইয়াৰ পৰিৱৰ্তে কেলৰিৰ পৰিমাণ বেছি থকা এনে বস্তু খোৱাটো কম কৰিব লাগিব, কাৰণ বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ বাবেই পেট আৰু কঁকালৰ চাৰিওফালে চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে ৷

প্ৰ’টিনযুক্ত খাদ্যগ্ৰহণ বৃদ্ধি কৰক

যদিও শৰীৰৰ শক্তি আৰু বিকাশৰ বাবে প্ৰ’টিন সদায় প্ৰয়োজনীয়, কিন্তু যিসকলে ওজন কমাবলৈ ব্যায়াম কৰে তেওঁলোকৰ বাবে প্ৰ’টিনক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে, কাৰণ ই পেশী আৰু হাড়ক শক্তি প্ৰদান কৰে ৷ পাৰিলে খাদ্যত দালি, চ’য়াবিন, কণী, কুকুৰা মাংস আৰু মাছ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক ৷

তেলীয়া খাদ্য পৰিহাৰ কৰক

৪০ বছৰ বয়স অতিক্ৰম কৰাৰ পিছতো যদি আপুনি তেলীয়া বা ভজা খাদ্য খাই থাকে, তেন্তে আপোনাৰ সকলো প্ৰচেষ্টা অসাৰ হৈ যাব ৷ ওজন কমাবলৈ স্বাস্থ্যসন্মত ৰন্ধন তেল ব্যৱহাৰ কৰাটো আৰু অধিক চৰ্বিযুক্ত বস্তুৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক:বাদাম খোৱাৰ সঠিক পদ্ধতি জানি লওক

ABOUT THE AUTHOR

...view details