অসম

assam

ETV Bharat / health

ডায়েবেটিছৰ পৰম শত্ৰু হৈছে এইবিধ পাত, নিতৌ খাওক এই পদ্ধতিৰে - BAY LEAF FOR DIABETES

জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ জৰিয়তে মধুমেহ ৰোগ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি । ঠিক তেনেদৰে এইবিধ ঘৰুৱা সামগ্ৰীও শৰ্কৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অতিকৈ ফলপ্ৰসূ হ’ব পাৰে-

How does bay leaf control diabetes and what are its health benefits?
ডায়েবেটিছৰ পৰম শত্ৰু হৈছে এইবিধ পাত, নিতৌ খাওক এই পদ্ধতিৰে (ETV Bharat)

By ETV Bharat Health Team

Published : Nov 13, 2024, 1:47 PM IST

পাকঘৰত উপলব্ধ বিভিন্ন মছলাই বহু আয়ুৰ্বেদিক ঔষধ আৰু ঘৰুৱা ঔষধতো আদি তৈয়াৰৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় আৰু বহু ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো লাভদায়ক ৷ বিশেষকৈ গৰম মছলাত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷ বিশেষকৈ তেজপাত ৷

হয়, NIHৰ শেহতীয়া গৱেষণাৰ এটি প্ৰতিবেদন অনুসৰি তেজপাত ডায়েবেটিছৰ দৰে ৰোগৰ ক্ষেত্ৰত অতিকৈ ফলপ্ৰসূ ৷ বৰ্তমানৰ অনিয়মিত জীৱনশৈলীৰ ফলত ডায়েবেটিছ তেনেই এক সাধাৰণ ৰোগলৈ পৰিণত হৈছে ৷ সেয়ে এনে ক্ষেত্ৰত তেজপাতে ডায়েবেটিছত ভোগা বা ডায়েবেটিছ হোৱাৰ আশংকা বহু পৰিমাণে দূৰ কৰিব পাৰে ৷

খাদ্যত তেজপাত ব্যৱহাৰ কৰি আমি ইয়াৰ সোৱাদ আৰু সুগন্ধি দুয়োটাই বৃদ্ধি কৰিব পাৰো লগতে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি আমি তেজত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিব পাৰো ৷ ইয়াৰ কাৰণ হৈছে তেজপাতত থকা পুষ্টি আৰু ভিটামিন ৷

তেজপাতত কি কি পুষ্টিকৰ উপাদান থাকে ?

তেজপাত শৰীৰৰ বাবে অতিকৈ উপকাৰী ৷ তেজপাতত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট আৰু বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে ৷ তেজপাতত আইৰণ, পটাছিয়াম, চেলেনিয়াম, কেলচিয়াম আৰু কপাৰ আদি উপাদান থাকে ৷ যিয়ে শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে ৷

ডায়েবেটিছত তেজপাতৰ ব্যৱহাৰ

ডায়েবেটিছ ৰোগীৰ ওপৰত প্ৰতিদিনে গৱেষণা কৰি অহা হৈছে ৷ য’ত তেওঁলোকৰ খাদ্য আৰু অন্যান্য কামত পৰিৱৰ্তন কৰি প্ৰাকৃতিকভাৱে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰা হয় ৷ বহু গৱেষণাৰ পৰা দেখা গৈছে যে জীৱনশৈলীৰ কিছু পৰিৱৰ্তন কৰি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ ইয়াৰ লগতে খাদ্য আৰু ব্যায়ামৰ ক্ষেত্ৰতো কিছুমান সামান্য পৰিৱৰ্তন কৰি আপুনি ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে ৷

জাৰ্নেল অৱ বায়’কেমিকেল নিউট্ৰিচনৰ এক সমীক্ষাত দেখা গৈছে যে টাইপ ২ ডায়েবেটিছত তেজপাতে ৰক্তশৰ্কৰাৰ পৰিমাণ যথেষ্ট নিয়ন্ত্ৰণ কৰে ৷

তেজপাত কেনেকৈ ব্যৱহাৰ কৰিব ?

শাক-পাচলিৰ সোৱাদ বৃদ্ধিৰ বাবে তেজপাত ব্যৱহাৰ কৰা হয় ৷ তেজপাতে কেৱল খাদ্যৰ সুগন্ধি আৰু সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতিকৈ উপকাৰী ৷ কেৱল খাদ্যৰ লগতেই নহয় আপুনি ইয়াক চাহত দিও খাব পাৰে ৷ পুৱা খালী পেটত তেজপাত পানী উতলাই আপুনি সেই পানী খাব পাৰে ৷ ইয়াৰ বাবে ১ গিলাচ পানীত ১ টা তেজপাত দি ৰাতিটো তিয়াই ৰাখক পুৱা এই পানী এই কুহুমীয়া কৰি পুৱা খালী পেটত গ্ৰহণ কৰক ৷ ইয়াৰ ফলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো অতিকৈ সহজ হৈ পৰে ৷

তেজপাতৰ উপকাৰিতা

  • তেজপাতে পেটৰ সৈতে জড়িত ৰোগ যেনে কলিক, কোষ্ঠকাঠিন্য, এচিডিটি আৰু ক্ৰেম্প আদি সমস্যা দূৰ কৰে ৷
  • বৃক্কত পাথৰ থাকিলেও তেজপাত মিহলোৱা পানী খোৱাটো উপকাৰী ৷
  • নিদ্ৰাৰ সৈতে জড়িত সমস্যাৰ থাকিলে তেজপাতৰ তেল কেইটোপালমান পানীত মিহলাই খালে যথেষ্ট লাভদায়ক ৷
  • তেজপাতৰ তেলেৰে গা মালিচ কৰিলে গাঁঠিৰ বিষ আৰু বাতবিষৰ পৰা সকাহ পোৱা যায় ৷

উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC2613499/#:~:text=Forty%20people%20with%20type%202,to%2026%25%20after%2030%20d.

লগতে পঢ়ক:-বিভিন্ন ৰোগ নিৰাময়ৰ বাবে লাভদায়ক তেজপাত

ABOUT THE AUTHOR

...view details