অসম

assam

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 3:36 PM IST

ETV Bharat / health

কেঁচা জলকীয়া: মাত্ৰ ২ টকাতে নিয়ন্ত্ৰণ হ’ব ডায়েবেটিছ - Diabetes will be controlled in just 2 rupees

How To Control Diabetes : মধুমেহ ৰোগ; বৰ্তমান সময়ত প্ৰায় সকলো বয়সৰ লোকেই এই ৰোগত আক্ৰান্ত হোৱা দেখা যায় ৷ এই ৰোগ হ’লে অধিকাংশ লোকেই মানসিকভাৱে ভাগি পৰে ৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব ঘৰুৱা পদ্ধতিৰ সহায়তো ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

How To Control Diabetes
কেঁচা জলকীয়া; মাত্ৰ ২ টকাতে নিয়ন্ত্ৰণ হ’ব ডায়েবেটিছৰ মাত্ৰা (FREEPIK)

জলকীয়া ৷ জলকীয়া অবিহনে ভাৰতীয় খাদ্যৰ জুতি সদায় আধৰুৱা হৈ থাকে ৷ যুগ যুগ ধৰি ভাৰতীয় খাদ্যত সেউজীয়া তথা কেঁচা জলকীয়া ব্যৱহাৰ কৰি অহা হৈছে ৷ অৱশ্যে ইয়াৰ সোৱাদৰ বাবে বহুতে ইয়াক খাবলৈ ভাল নাপায় ৷ আনহাতে কিছুমানে আকৌ দাইলত কেঁচা জলকীয়াৰে তেল মাৰি খায়ো ভাল পায় ।

খাদ্যত সোৱাদৰ মাত্ৰা বৃদ্ধি কৰা কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে । সেয়েহে ই স্বাস্থ্যৰ বাবেও উপকাৰী । কেৱল এয়াই নহয়, আপুনি জানি আচৰিত হ’ব, কেঁচা জলকীয়াই তেজত চেনিৰ পৰিমাণো নিয়ন্ত্ৰণ কৰে ।

ডায়েবেটিছ বা মধুমেহ এনে এবিধ ৰোগ, যাৰ ফলত আমাৰ শৰীৰত চেনিৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায় । আধুনিক যুগত সকলো বয়সৰ লোকে মধুমেহ ৰোগত আক্ৰান্ত হোৱা দেখা আছে । কিন্তু ঔষধ আৰু সুস্থ জীৱনশৈলীৰ সহায়ত ইয়াক নিয়ন্ত্ৰণ কৰা হয় ।

ইয়াৰ উপৰিও উপযুক্ত খাদ্যাভ্যাসৰ দ্বাৰাও তেজৰ চেনি নিয়ন্ত্ৰণ কৰিব পৰা যায় । এনে পৰিস্থিতিত কেঁচা জলকীয়া ব্যৱহাৰ কৰিলেও স্বাস্থ্যৰ যথেষ্ট উপকাৰ হ’ব পাৰে । বিশেষ কথাটো হ’ল- ই ডায়েবেটিছৰ ঔষধতকৈ বহু কম খৰচী হয় । বজাৰত কেঁচা জলকীয়া বিনামূলীয়াকৈ বা ২ ৰ পৰা ৫ টকাত সহজেই পাব পাৰি ।

লগতে পঢ়ক :যদি আপুনি এগৰাকী ডায়েবেটিছ ৰোগী তেন্তে ভুলতো ব্ৰেকফাষ্টত নাখাব এই খাদ্য - Best and Worst Foods for Diabetes

ডায়েবেটিছত কেঁচা জলকীয়া উপকাৰী

ডায়েবেটিছ ৰোগীৰ বাবে কেঁচা জলকীয়া খোৱাটো অতি উপকাৰী । দিনটোত নিয়মিতভাৱে এটা জলকীয়া খালে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে । ডায়েবেটিছ ৰোগীয়ে যদি খাদ্যত কেঁচা জলকীয়া অন্তৰ্ভুক্ত কৰে তেন্তে তেওঁলোকে মধুমেহ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে ।

ডায়েবেটিছত কেঁচা জলকীয়া কেনেকৈ খাব

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে কেঁচা জলকীয়া বহু ধৰণে খাব পাৰি । সাধাৰণতে আমি প্ৰায় শাক-পাচলিত কেঁচা জলকীয়া ব্যৱহাৰ কৰো । ইয়াৰ উপৰিও বহু ধৰণৰ চাটনি আৰু ব্যঞ্জনতো কেঁচা জলকীয়া ব্যৱহাৰ কৰা হয় । ইয়াৰ বাহিৰেও আপুনি কেঁচা জলকীয়াৰ পানী প্ৰস্তুত কৰি সেৱন কৰিব পাৰে ।

কেঁচা জলকীয়াৰ পানী বনাবলৈ ৰাতি ১ গিলাচ পানীত সৰু সৰুকৈ কেঁচা জলকীয়া কাটি ল’ব লাগে ৷ তাৰ পাচত সেই পানী পুৱা দাঁত ব্ৰাছ কৰাৰ আগতে খাব লাগে । ইয়াৰ দ্বাৰা তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ।

(স্পষ্টীকৰণ :এই প্ৰতিবেদনত দিয়া স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাক বুজিবৰ বাবেহে দিয়া হৈছে । আমি এই তথ্য অধ্যয়ন, চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিতহে প্ৰদান কৰিছো । কিন্তু এইবোৰ কাম কৰাৰ আগতে আপুনি ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷)

লগতে পঢ়ক :যদি আপুনি এগৰাকী ডায়েবেটিছ ৰোগী তেন্তে ভুলতো ব্ৰেকফাষ্টত নাখাব এই খাদ্য - Best and Worst Foods for Diabetes

ABOUT THE AUTHOR

...view details