অসম

assam

বয়স অনুযায়ী আপুনি এদিনত কিমান পৰিমাণে খোজকঢ়া উচিত ? - Walking According To Age

By ETV Bharat Health Team

Published : Aug 20, 2024, 1:24 PM IST

Walking According To Age: সুষম খাদ্যৰ লগতে সুস্থ হৈ থাকিবলৈও ব্যায়াম আমাৰ শৰীৰৰ বাবে সমানেই গুৰুত্বপূৰ্ণ । কিন্তু, ব্যস্ততাৰে ভৰা এই জীৱনত মানুহে নিজক সময় দিবলৈ নোৱাৰে । ইয়াৰ বাবেই মানুহক আগুৰি ধৰিছে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাই । কিন্তু এই সাধাৰণ তথা ব্যায়াম কৰি আপুনি বিভিন্ন ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে ৷

Walking According To Age
বয়স অনুযায়ী আপুনি এদিনত কিমান পৰিমাণে খোজকঢ়া উচিত ? (CANVA)

আজিৰ যুগত আমাৰ জীৱনশৈলী এনেকুৱা হৈ পৰিছে যে নিজকে সুস্থ কৰি ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে ৷ ভেজাল খাদ্য, বতৰৰ সাল-সলনি, প্ৰদূষণ আৰু আন বহুতো কাৰণৰ বাবেই আপুনি অসুস্থ হৈ পৰে ৷ কিন্তু বিশেষজ্ঞ আৰু চিকিৎসকৰ মতে এটি ব্যায়াম আছে, যিটো কৰিলে আপুনি এটি সুস্থ শৰীৰৰ গৰাকী হ’ব পাৰে আৰু লগতে দীৰ্ঘায়ুও হৈ থাকিব পাৰে ৷

হয়, আমি খোজ কঢ়াৰ কথা কৈছো ৷ চিকিৎসকে কয় যে, কেৱল এই ব্যায়াম আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলেই আপুনি বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে আৰু দীৰ্ঘায়ু জীৱন যাপন কৰিব পাৰে ৷ জগিং বা খোজ কঢ়াটো ইমানেই সহজ ব্যায়াম, যাক সকলো বয়সৰ লোকে যিকোনো সময়তে যিকোনো ঠাইতে থাকি কৰিব পাৰে ৷ বিশেষজ্ঞসকলে কয় যে, দৈনিক খোজকঢ়া আমাৰ স্বাস্থ্যৰ বাবে অতি উত্তম ৷

কিন্তু ইয়াত এটা প্ৰশ্ন উত্থাপন হয় যে, আমি এদিনত কিমান পৰিমাণে খোজ কাঢ়িব লাগে ৷ বয়স অনুযায়ী কোনো সীমা আছে নেকি বা যিকোনো ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী খোজ কাঢ়িব পাৰেনে ? তেন্তে পলম নকৰি জানো আহক এজন ব্যক্তিয়ে এদিনত কিমান পৰিমাণে খোজ কাঢ়িব লাগে ?

বৰ্তমান আধুনিক যুগত দুটা সমস্যাই মূলতঃ জনসাধাৰণক প্ৰভাৱিত কৰিছে ৷ ইয়াৰে প্ৰথমটো হ’ল শাৰীৰিক কাৰ্য-কলাপৰ অভাৱ আৰু দ্বিতীয়টো হ’ল ফাষ্ট ফুড সেৱন ৷ শাৰীৰিক কাৰ্য-কলাপ নকৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ যাৰ ফলত মেদবহুলতা আৰু অন্যান্য মাৰাত্মক ৰোগৰ কৱলত পৰিছে বিভিন্ন লোক ৷

একে সময়তে ফাষ্ট ফুডেও মানুহৰ স্বাস্থ্যৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে ৷ পূৰ্বে মানুহে ভাতৰ লগত কেৱল জোৱাৰ আৰু ব্ৰজ খাইছিল ৷ এতিয়া মানুহৰ খাদ্যত পুষ্টিকৰ খাদ্যৰ সলনি ফাষ্ট ফুড আৰু জাংক ফুডৰ পৰিমাণহে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ফাষ্ট ফুড খোৱা লোকসকলৰ বেছিভাগেই গেছৰ সমস্যা আৰু মেদবহুলতাৰ ভুগিবলৈ আৰম্ভ কৰে ৷ সেইবাবেই চিকিৎসকে এনে লোকক ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে ৷ যদি ব্যায়াম সম্ভৱ নহয় তেন্তে পুৱা বা গধূলি অলপসময় খোজ কাঢ়িব লাগে ৷

দৈনিক অলপসময়ৰ বাবেও খোজ কাঢ়িলে আমাৰ হৃদযন্ত্ৰ সুস্থ হৈ থকাত সহায় হয় ৷ বিশেষজ্ঞসকলে কয় যে, দৈনিক খোজ কাঢ়িলে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ৷ লগতে কোৱা হয় যে ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷ দৈনিক ১০ হাজাৰ খোজ কাঢ়িলে প্ৰায় ৭.৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ সমতুল্য ৷ অৱশ্যে.. ইয়াৰ অৰ্থ অনবৰতে খোজকাঢ়ি থকা নুবুজায় ৷ পুৱা সাৰ পোৱাৰ পৰা বিচনাৰ পৰা নামি অহাৰ পৰা ৰাতি বিচনাত শুবলৈ যোৱালৈকে কঢ়া খোজো এই হিচাপত অন্তৰ্ভুক্ত কৰা হৈছে ৷

একে সময়তে বিশেষজ্ঞসকলেও কয় যে, পুৱা এঘণ্টা খোজ কাঢ়িলেও ১০ হাজাৰ খোজ কঢ়াৰ পৰিসংখ্যাও সহজেই সম্পূৰ্ণ কৰিব পাৰি ৷

২০১৯ চনৰ "The Lancet" নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৱেষকসকলে সপ্তাহত পাঁচ দিন ৩০ মিনিট খোজ কাঢ়িলে হৃদৰোগৰ সম্ভাৱনা ২৭ শতাংশ হ্ৰাস কৰিব পাৰি বুলি গৱেষকসকলে প্ৰকাশ কৰিছে ৷ এই গৱেষণা কৰিছিল টেক্সাছ এ. এণ্ড. এম স্বাস্থ্য বিজ্ঞান কেন্দ্ৰত অধ্যাপক হিচাপে কাম কৰা ডাঃ ষ্টিভেন জে. ব্লেয়াৰে অংশগ্ৰহণ কৰিছিল ৷ তেওঁৰ দাবী আছিল যে সপ্তাহত ৫ দিন আধা ঘণ্টা খোজ কাঢ়িলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পৰা যায় ৷ একে সময়তে হৃদৰোগৰ পৰা ৰক্ষা পোৱাৰ উপৰিও দৈনিক খোজ কাঢ়িলে ডায়েবেটিছ, ব্ৰেইন ষ্ট্ৰ’ক, মেদবহুলতা, স্তন কেন্সাৰ আৰু মানসিক চাপৰ পৰাও সুৰক্ষা প্ৰদান কৰে ৷

শিশুৰ বাবে...

শিশুৰ কথা ক’বলৈ গ’লে প্ৰতিদিনে কমেও ডেৰ ঘণ্টা বাহিৰৰ খেল খেলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ ইয়াৰ ফলত শিশুসকল কেৱল সুস্থ হৈ থকাই নহয় শৰীৰটোও শক্তিশালী হৈ উঠে ৷

বয়সৰ ওপৰত নিৰ্ভৰ কৰি কিমান পৰিমাণে খোজ কাঢ়িব লাগে ?

  • ৪০ বছৰৰ তলৰ মহিলাক দৈনিক ১২ হাজাৰ ষ্টেপছ খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে ৷
  • ৪০ৰ পৰা ৫০ বছৰ বয়সৰ মহিলা– প্ৰতিদিনে ১১ হাজাৰ ষ্টেপছ খোজ কাঢ়িবলৈ চেষ্টা কৰা উচিত ৷
  • ৫০ৰ পৰা ৬০ বছৰ বয়সৰ মহিলা– প্ৰতিদিনে ১০ হাজাৰ ষ্টেপছ খোজ কঢ়াটো স্বাস্থ্যৰ বাবে সৰ্বোত্তম ৷
  • ৬০ বছৰৰ ওপৰৰ মহিলাসকলে ৮,০০০ ষ্টেপছ খোজ কঢ়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷
  • পুৰুষৰ বাবে ১৮ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত দিনটোত ১২ হাজাৰ খোজ কঢ়াটো বাঞ্ছনীয় ৷
  • ৫০ বছৰৰ ওপৰৰ পুৰুষে প্ৰতিদিনে ১১ হাজাৰ খোজ কঢ়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷

ইতিমধ্যে এই বিষয়ত বহু গৱেষণা কৰা হৈছে ৷ তেওঁলোকৰ মতে, এগৰাকী ব্যক্তিয়ে দিনটোত কমেও ৪০০০ৰ পৰা ৫০০০ ফুট খোজ কাঢ়িব লাগে ৷ ২০২৩ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পেড্ৰ’ এফ গাৰ্চিয়াই কৰা এক অধ্যয়নটো এই সিদ্ধান্ত লোৱা হৈছে যে কমেও ৪০০০ ষ্টেপছ খোজ কঢ়াটো স্বাস্থ্যৰ বাবে লাভদায়ক ৷ লগতে তেওঁ কয় যে, ইয়াতকৈ বেছিকৈ খোজ কঢ়াটো আৰু ভাল ৷

লগতে পঢ়ক:খোজ কাঢ়িও ওজন কমাব পাৰি; এক কিলোগ্ৰাম ওজন কমাবলৈও এদিনত কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে জানেনে ? - HOW TO LOSE WEIGHT

ABOUT THE AUTHOR

...view details