কাঠবাদামক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত প্ৰ’টিন, ভিটামিন, ফাইবাৰ, কেলচিয়াম আৰু ওমেগা ৩ ফেটি এচিড আদি বহুতো পুষ্টিকৰ উপাদান থাকে ৷ বেছিভাগ মানুহেই ইয়াক তিয়াই খাই ভাল পায় ৷
আপোনালোকক জনাই দিও যে কাঠবাদামক তিয়াই খালে কলেষ্টেৰল হ্ৰাস হোৱাৰ লগতে ভোক কম হয়, ওজন বৃদ্ধি নিয়ন্ত্ৰণ, ৰক্তচাপ নিয়ন্ত্ৰণ আৰু তেজত শৰ্কৰাৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷
কাঠবাদাম সেৱন কেৱল মগজুৰ বাবেই নহয় শৰীৰৰ বাবেও উপকাৰী ৷ দৈনিক ইয়াক সেৱন কৰিলে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ চুলি আৰু ছালৰ বাবেও উপকাৰী ৷ কিন্তু ভুল ধৰণে সেৱন কৰিলেও ক্ষতি হ’ব পাৰে ৷
কাঠবাদাম খোৱাৰ সময়ত এই ভুলবোৰ পৰিহাৰ কৰক-
কাঠবাদাম বেছি বা কম খোৱা
বৃহৎ পৰিমাণে কাঠবাদাম সেৱন কৰিলে পাচনতন্ত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে ৷ ইয়াৰ ফলত ওজন বৃদ্ধি, ভিটামিন ইৰ অতিমাত্ৰা সেৱন, বৃক্কৰ ৰোগ আদি গুৰুতৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ আনহাতে, ইয়াক কম পৰিমাণে সেৱন কৰিলে শৰীৰে উপযুক্ত পুষ্টি লাভ নকৰে ৷ সাধাৰণতে দৈনিক ৫ ৰ পৰা ৮ টা কাঠবাদাম খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷
ভজা বা নিমখীয়া কাঠবাদাম সেৱন কৰা
ভজা, পোৰা বা নিমখীয়া কাঠবাদাম খোৱাটোৱে কিমান সোৱাদযুক্ত তাতকৈ বেছি ক্ষতি কৰিব পাৰে ৷ এইটো এটা অস্বাস্থ্যকৰ পদ্ধতি, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ৷ কাঠবাদাম ভাজি বা সেকি খালে পুষ্টিৰ অভাৱ হয় আৰু কেলৰি বৃদ্ধি পায় আৰু বেছি নিমখীয়া বা মছলাযুক্ত খাদ্য খালে উচ্চ ৰক্তচাপ হয়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷