অসম

assam

পুৰুষৰ বাবে অতি উপকাৰী কাজু, দিব এই ৫টা সমস্যাৰ সমাধান - Cashew Benefits For Men

By ETV Bharat Assamese Team

Published : May 8, 2024, 8:10 PM IST

Cashew Benefits For Men: কাজু এনে এবিধ শুকান ফল যে ইয়াক সকলোৱে খাই ভাল পায়, বিশেষকৈ পুৰুষে নিশ্চিতভাৱে ইয়াক নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত । কাজু বাদাম খোৱাটো পুৰুষৰ বাবে কিয় লাভদায়ক জানো আহক-

Cashew nuts are highly beneficial for men, as they can help prevent 5 common health problems
পুৰুষৰ বাবে অতি উপকাৰী কাজু, দিব এই ৫টা সমস্যাৰ সমাধান (SOURCE: FREEPIK)

শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে কাজু বাদাম খাই ভাল পায় ৷ কাজুত আঁহ, আইৰণ, মেগনেছিয়াম, চেলেনিয়াম আদি পুষ্টিকৰ উপাদান থাকে ৷ মানুহে ইমানেই ভাল পায় যে এটা বা দুটা খোৱাৰ পিছত খায়েই থাকে ৷ ইয়াক কেঁচা আৰু ভজা দুয়োটা ধৰণে খাব পাৰি ৷ যদিও কাজু সকলোৰে বাবে উপকাৰী, তথাপিও পুৰুষে বিশেষকৈ কাজু খাদ্যত অন্তৰ্ভুক্ত কৰা উচিত ৷

ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব লাগে

অসংপৃক্ত চৰ্বি, আইৰণ, জিংক, ভিটামিন কে, ভিটামিন বি, ভিটামিন ই, তাম আৰু মেগনেছিয়ামৰ দৰে প্ৰয়োজনীয় পুষ্টি কাজুত পোৱা যায়, যিয়ে ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷ দৈনিক কাজু বাদাম সেৱন কৰিলে হাৰ্ট এটেকৰ লগতে আন আন হৃদৰোগৰ পৰাও সুৰক্ষিত হৈ থাকে ৷

বিষ আৰু ফুলাত উপকাৰী

আজিৰ দ্ৰুত গতিৰ জীৱনত অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে বেছিভাগ মানুহেই শৰীৰত বিষ আৰু ফুলাৰ অভিযোগ কৰে ৷ এনে পৰিস্থিতিত যদি আপুনি দৈনিক ৫-৮ টা কাজু খায় তেন্তে ইয়াত থকা এন্টি-ইনফ্লেমেটৰী গুণে আপোনাৰ সমস্যাটো হ্ৰাস কৰিব পাৰে ৷

ৰক্ত সঞ্চালন উন্নত কৰা

ৰক্ত সঞ্চালন উন্নত কৰাত কাজু অতি উপকাৰী বুলি বিবেচিত হয় ৷ দৈনিক কাজু বাদাম খালে শৰীৰত অক্সিজেনৰ মাত্ৰা অটুট থাকে ৷ ইয়াৰ ফলত শৰীৰত আইৰণ আৰু অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ হয় আৰু লগতে ৰক্তকণিকা বৃদ্ধি কৰাটোও সহজ হৈ পৰে ৷

শৰীৰক শক্তিশালী কৰা

পেশীবহুল শৰীৰ পাবলৈ দৈনিক খাদ্য তালিকাত কাজু বাদাম অন্তৰ্ভুক্ত কৰিব লাগে ৷ যিসকল লোকৰ শৰীৰ ক্ষীণ হয় তেওঁলোকে কাজু বাদাম বিভিন্ন ধৰণে খাদ্যত অন্তৰ্ভুক্ত কৰি পেশী বৃদ্ধি কৰিব পাৰে ৷ কাজুত প্ৰচুৰ পৰিমাণে চৰ্বি, কেলৰি আৰু কাৰ্ব থাকে, যিয়ে ওজন বৃদ্ধিত সহায় কৰে ৷

টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি কৰক

পুৰুষৰ টেষ্টষ্টেৰন কম হোৱাটোৱে তেওঁলোকৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায় ৷ এনে পৰিস্থিতিত কাজু বাদাম খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি লাভৱান হ’ব পাৰে ৷ আচলতে কাজুত প্ৰচুৰ পৰিমাণে চেলেনিয়াম থাকে যিয়ে পুৰুষৰ টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে ৷

লগতে পঢ়ক:বিশ্ব ডিম্বাশয় কৰ্কট ৰোগ দিৱস পালন কৰাৰ মূল উদ্দেশ্য কি ? - WORLD OVARIAN CANCER DAY 2024

ABOUT THE AUTHOR

...view details