অসম

assam

ETV Bharat / health

আমি আপেল কেতিয়া খাব লাগে...জানি লওক সঠিক সময় - Apple Benefits - APPLE BENEFITS

Apple Benefits: আপেলক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । ইয়াক খালে শৰীৰৰ বহু সমস্যাই দূৰ হয় । আপেলত ভিটামিন চি ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট গুণ থাকে, যি স্বাস্থ্যৰ বাবে অতি লাগতিয়াল ৷ কিন্তু ভুল সময়ত আপেল খালে আপোনাৰ লাভৰ পৰিৱৰ্তে আপোনাৰ শৰীৰৰ ক্ষতিহে কৰিব পাৰে । সেয়ে আজি আপেল খোৱাৰ উপযুক্ত সময় কি জানো আহক-

Apple is a boon for Your health, know the right time to eat it
আমি আপেল কেতিয়া খাব লাগে...জানি লওক সঠিক সময় (FREEPIK)

By ETV Bharat Health Team

Published : Sep 4, 2024, 5:24 PM IST

আমি সকলোৱে এই কথাষাৰ নিশ্চয় শুনিছো - 'An apple a day, keeps the doctor away'৷ দৰাচলতে এই কথাষাৰ সত্য, কাৰণ আপেলত ভিটামিন চি, আঁহ আৰু পটাছিয়ামকে ধৰি বহুতো উৎকৃষ্ট পুষ্টিকৰ উপাদান থাকে ৷

যদি কোনো সুস্থ ব্যক্তিয়ে নিয়মিতভাৱে ইয়াক সেৱন কৰে তেন্তে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায় ৷ কিন্তু সকলো বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থাকে৷ এনে পৰিস্থিতিত আপেল খোৱাৰ উপকাৰিতাৰ লগতে কিছুমান পাৰ্শ্বক্ৰিয়াও আছে ৷ হয় কিছুমান ক্ষেত্ৰত সঠিক সময়ত আপেল নাখালে আমাৰ শৰীৰৰ বাবে লোকচানদায়ক হ’ব পাৰে ৷ তেন্তে জানো আহক আমি কোন সময়ত আপেল খোৱাটো উচিত-

কিমান সময়ত আপেল খাব লাগে

আপেলত প্ৰাকৃতিক চেনি আৰু ফ্ৰুক্ট’জ পোৱা যায়, সেয়েহে পুৱা খালী পেটত খালে অধিক লাভদায়ক৷ ইয়াক খালে আপুনি গোটেই দিনটো সক্ৰিয় হৈ অনুভৱ কৰিব৷ লগতে ইয়াত আঁহ পোৱা যায় ৷ আপেল খোৱাৰ ফলত দীৰ্ঘসময়লৈকে ভোক অনুভৱ নহয়, যিয়ে ওজন কমোৱাত যথেষ্ট সহায় কৰে ৷

আপেলত থকা আঁহে হজম শক্তিও উন্নত কৰে, সেয়েহে পুৱা আপেল খালে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷ ইয়াৰ উপৰিও ইয়াত ভিটামিন চি আৰু পটাছিয়াম থাকে, যিয়ে হৃদৰোগৰ পৰা সকাহ দিয়ে ৷

আপেল কেতিয়া খাব নালাগে ?

আপেল কেতিয়াও ৰাতি খাব নালাগে ৷ ইয়াত চেনি আৰু ফ্ৰুক্ট’জ পোৱা যায়, যাৰ বাবে আমি সক্ৰিয় অনুভৱ কৰোঁ, কিন্তু ৰাতিৰ ভাগত ইয়াক খালে টোপনিৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

খাদ্যৰ লগত খাব নালাগে

খাদ্যৰ লগতো আপেল খাব নালাগে ৷ দুয়োটাকে একেলগে হজম কৰাটো কঠিন হ’ব পাৰে ৷

সন্ধিয়া খাব নালাগে

আপেল আবেলিও খাব নালাগে ৷ ইয়াৰ ফলত গেছৰ সমস্যা হ’ব পাৰে ৷

Ref:-https://www.ncbi.nlm.nih.gov/pmc/articles/PMC9321083/

লগতে পঢ়ক:এপল চাইডাৰ ভিনেগাৰে সঁচাকৈ ওজন হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়

ABOUT THE AUTHOR

...view details