এনে বহুলোক আছে যিয়ে পুৱা সাৰ পোৱাৰ পিচত চাহ নাখালে দিনটো আৰম্ভ কৰিব নোৱাৰে ৷ কিছুমানে এয়াও অনুভৱ কৰে যে যদি তেওঁলোকে দিনটোত কমেও দুবাৰকৈ যদি চাহ নাখায় তেন্তে তেওঁলোকৰ কোনো কাম আধৰুৱা যেন অনুভৱ কৰে ৷ ভাৰতীয়সকলে চাহ নোখোৱাকৈ এদিনো কটাব নোৱাৰে বুলি ক’লেও চাগে ভুল কোৱা নহ’ব ৷ যদিও দৈনিক খোৱা চাহত গাখীৰ, চাহপাত আৰু চেনি আদি ব্যৱহাৰ কৰি খোৱা হয় কিন্তু কিছুমান মানুহে বিভিন্ন ধৰণৰ চাহ যেনে নেমু চাহ, ক’লা চাহ, সেউজীয়া চাহ খাইও ভাল পায় ৷
কিন্তু আপুনি কেতিয়াবা চাহত নিমখ দি খাই পাইছেনে ? ইয়াৰ ফলত আপুনি কেনে লাভ পাব পাৰে আপুনি জানেনে ? হয় দৈনিক চাহত এচিকুট নিমখ মিহলাই খালে আপুনি আচৰিত উপকাৰিতা লাভ কৰিব পাৰে ৷ তেন্তে কোনো পলম নকৰাকৈ আজি জানো আহক দৈনিক চাহত এচিকুট নিমখ মিহলাই খালে আপুনি কেনেধৰণৰ উপকাৰিতা পাব পাৰে ৷
পাচন প্ৰক্ৰিয়া উন্নত হয়: নিমখে মানুহৰ শৰীৰত পাচন ৰস উৎপাদনত উদ্দীপিত কৰে ৷ ই অতি গুৰুত্বপূৰ্ণ হজম প্ৰক্ৰিয়া উন্নত কৰাত অতি সহায়ক ৷
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত নিমখৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ নিমখে বতৰৰ সংক্ৰমণৰ ফলত হোৱা ৰোগৰ পৰা ৰক্ষা কৰাত যথেষ্ট সহায় কৰে ৷
হাইড্ৰেট:নিমখ এবিধ প্ৰাকৃতিক বিদ্যুৎ বিশ্লেষক ৷ গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাৰ ফলত শৰীৰৰ পৰা বাহিৰ হৈ যোৱা নিমখ শৰীৰত পুনৰ যোগান ধৰে ৷