অসম

assam

ETV Bharat / health

অংগদান কৰি এইগৰাকী ছাত্ৰই বহুজনক দি গ'ল নতুন জীৱন

Organs Donate: অকালতে মৃত্যুক আকোৱালি লোৱা কিশোৰ শুভজিৎ চাহু হৈ পৰিল বহুতৰে বাবে হৈ পৰে এক আদৰ্শ ৷ শুভজিৎ চাহু নামৰ কিশোৰটিয়ে তেওঁৰ অংগ বহুজনক দান কৰি দি গ'ল নতুন জীৱন ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:17 PM IST

8-year-old boy, whose organs were donated after his death, cremated with full state honors
অংগদান কৰি এইগৰাকী ছাত্ৰই বহুজনক দি গ'ল নতুন জীৱন

নেশ্যনেল ডেস্ক, 19 মাৰ্চ:মাত্ৰ আঠ বছৰ বয়সতে অজান দেশলৈ গ’লগৈ এজন ছাত্ৰ ৷ কিন্তু বহুজনক দি গ’ল নতুন জীৱন ৷ এই ঘটনা উৰিষ্যাৰ ভূৱনেশ্বৰৰ ৷ হয়, অকালতে মৃত্যুক আকোৱালি লোৱা শুভজিৎ চাহু নামৰ এটি কিশোৰে তেওঁৰ অংগ বহুজনক দান কৰি দি গ'ল নতুন জীৱন ৷ ভূৱনেশ্বৰৰ আৰক্ষী আয়ুক্ত সঞ্জীৱ পাণ্ডা আৰু আৰক্ষী উপায়ুক্ত (ডিচিপি) প্ৰতীক সিঙৰ উপস্থিতিত কেইদিনমান পূৰ্বে সত্য নগৰ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে শুভজিৎৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

শুভজিতে স্নায়বিক ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ৷ বিদ্যালয়ৰ চলিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ শুভজিৎ চিজাৰত আক্ৰান্ত হয় ৷ ছাত্ৰজনক প্ৰথমে কেপিটেল হস্পিটেল আৰু পাছত এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল যদিও তেওঁৰ অকাল মৃত্যু হয় ৷

এই সমগ্ৰ ঘটনাটোৰ সনদৰ্ভত শুভজিৎৰ পিতৃ বিশ্বজিৎ চাহুৱে কয়, ‘আমাৰ সকলো প্ৰচেষ্টাৰ স্বত্বেও আমি তেওঁক বচাব নোৱাৰিলো ৷ সেয়েহে, আমি তাৰ বৃক্ক, হাঁওফাঁও, যকৃত, চকু, হৃদযন্ত্ৰ আৰু অগ্ন্যাশয়কে ধৰি সকলো অংগ দান কৰাৰ সিদ্ধান্ত ল’লো ৷ মই মোৰ সাহসী পুত্ৰৰ বাবে অত্যন্ত গৌৰৱান্বিত ৷ সি তাৰ অংগৰ দ্বাৰা বহুতৰ জীৱন ৰক্ষা কৰিলে ৷ এতিয়া আমি নিজকে সান্ত্বনা দিব পাৰো যে আমাৰ পুত্ৰই আনৰ জীৱন ৰক্ষা কৰিছে আৰু সি তেওঁলোকৰ মাজতেই জীয়াই আছে ৷’ আনহাতে, এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত পাণ্ডাই কয় যে, অংগ দাতাসকলৰ বাবে ৰাজ্য চৰকাৰৰ নতুন নীতি অনুসৰি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব ৷ যিয়ে আন লোকসকলকো অংগ দান কৰিবলৈ উৎসাহিত কৰিব ৷

লগতে পঢ়ক:শিশুৰ দেহত ভিটামিন ডিৰ অভাৱ কেনেকৈ ধৰা পেলাব ?

ABOUT THE AUTHOR

...view details