চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী:কল্পনা কৰক, বলীউডৰ ডাঙৰ ডাঙৰ ছবি নিৰ্মাতা যেনে কৰণ জোহৰ আৰু একতা কাপুৰতকৈও ধনী এজন অভিনেতা, যিজন অভিনেতাই প্ৰতি বছৰে এছ এছ ৰাজামৌলিতকৈ অধিক ধন উপাৰ্জন কৰে আৰু যাৰ ক্ৰীড়া দলো শ্বাহৰুখ খানতকৈ বেছি আছে, যাৰ ব্যক্তিগত জেট আছে, ষ্টুডিঅ’ আৰু বহুতো বহুমূলীয়া বস্তু আছে । কিন্তু ইমান ধন-সম্পত্তি থকা স্বত্বেও তেওঁ ভাৰতৰ আটাইতকৈ ধনী অভিনেতা নহয় । হয়, এই কথা শুনি আপুনি নিশ্চয় আচৰিত হৈছে । গতিকে জানো আহক কোন সেইজন তাৰকা অভিনেতা যাৰ অপৰিসীম ধন-সম্পত্তি থকাৰ পিচতো দেশৰ আটাইতকৈ ধনী অভিনেতা হ’ব নোৱাৰিলে ।
কোন সেইজন ধনী অভিনেতা ?
হয়, সেই অভিনেতাজন আন কোনো নহয়, তেলুগু ছুপাৰষ্টাৰ নাগাৰ্জুন আকিনেনী ৷ নাগাৰ্জুন আকিনেনীয়ে চাৰি দশক ধৰি উদ্যোগটোত কাম কৰি আহিছে । তেওঁ নিজৰ কেৰিয়াৰত বহু ছুপাৰ ডুপাৰ হিট ছবি দিছে । এনে পৰিস্থিতি বিশাল ধন-সম্পত্তিৰ মালিক নাগাৰ্জুন ৷ কিন্তু ইমান ধন-সম্পত্তি থকা স্বত্বেও তেওঁ দেশৰ আটাইতকৈ ধনী অভিনেতা হ’ব পৰা নাই । ফাইনেন্সিয়েল এক্সপ্ৰেছৰ তথ্য অনুসৰি তেলুগু চিনেমাৰ ইতিহাসৰ অন্যতম সফল অভিনেতা নাগাৰ্জুনৰ সম্পত্তিৰ পৰিমাণ ৩৬৪ মিলিয়ন ডলাৰতকৈ অধিক (প্ৰায় ৩১০০ কোটি টকা) ।
নাগাৰ্জুনে ক’ৰ পৰা উপাৰ্জন কৰে ইমান ধন ?
আপুনি হয়তো ভাবিছে নাগাৰ্জুনে কেৱল অভিনয়ৰ পৰা এই ধন উপাৰ্জন কৰিছে ৷ কিন্তু ৬৪ বছৰীয়া নাগাৰ্জুনে কেৱল অভিনয়ৰ পৰাই ইমান ধন উপাৰ্জন কৰা নাই । দৰাচলতে নাগাৰ্জুনৰ উপাৰ্জনৰ এক বৃহৎ অংশ ফিল্ম প্ৰডাকশ্যনকে ধৰি অফ-স্ক্ৰীণ কামৰ পৰা অহা । অভিনয়ৰ পাৰিশ্ৰমিক আৰু বিগ বছ তেলুগু সঞ্চালনা কৰি পোৱা উপাৰ্জনৰ উপৰিও নাগাৰ্জুন এটা ষ্টুডিঅ’ৰ মালিক হোৱাৰ লগতে এগৰাকী চলচ্চিত্ৰ প্ৰযোজকো । ইয়াৰ উপৰিও তেওঁ ৰিয়েল এষ্টেট আৰু নিৰ্মাণ প্ৰতিষ্ঠান এন ৩ ৰিয়েলটি এণ্টাৰপ্ৰাইজৰ মুৰব্বীও । খবৰ অনুসৰি নাগাৰ্জুনৰ মালিকানাধীন সকলো ৰিয়েল এষ্টেটৰ মূল্য প্ৰায় ৮০০ কোটি টকা ।