তিনিচুকীয়া : মাঘ বিহু তথা মকৰ সংক্ৰান্তিক লৈ দেশজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইয়াক লৈ অসমৰো প্ৰতিটো প্ৰান্ততে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে । ৰাইজৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীও এই ক্ষেত্ৰত পিছপৰি থকা নাই । হাতত বন্দুক লৈ জনতাৰ সেৱা আগবঢ়াই যোৱা আৰক্ষীয়ে একেখন হাতেৰে মাৰিলে ঢোলৰ চাপ । কঁকালত হাত দি জুৰিলে বিহুনাম ।
তিনিচুকীয়া সংৰক্ষিত আৰক্ষী চাউনিত মাঘ বিহু উদযাপন
আচলতে তিনিচুকীয়া জিলাৰ নশৰাইস্থিত সংৰক্ষিত আৰক্ষী চাউনিত দেখা গ'ল এই দৃশ্য । ভোগালী বিহু উপলক্ষে সদায় নিজৰ দায়িত্ব পালনত ব্ৰতী হৈ থকা আৰক্ষীৰ জোৱান তথা বিষয়াসকলে মেজি জ্বলাই অগ্নি দেৱতাক সেৱা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লৈ ভোগালী বিহুৰ আনন্দ উপভোগ কৰিলে । তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস তথা আৰক্ষী বিষয়া, জোৱানসকল আৰু পৰিয়ালবৰ্গৰ সৈতে বিহু উদযাপন কৰা পৰিলক্ষিত হয় । মেজি জ্বলোৱাৰ সমান্তৰালকৈ বৰ্তমান কৰ্মৰত আৰক্ষীৰ লগতে প্ৰাক্তন আৰক্ষী বিষয়াসকলেও বিহু নাচিলে ।
অৱসৰপ্ৰাপ্ত বিষয়াক সম্বৰ্ধনা
সকলোৱে যেন বিহু বুলি কিছু ক্ষণ আপোন পাহৰা হৈ নাচিছে ৷ ইয়াৰ পাছতে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় তিনিচুকীয়া আৰক্ষীয়ে । তিনিচুকীয়াৰ আৰক্ষী চাউনিত ভোগালী বিহু আয়োজন সন্দৰ্ভত আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয়, "যিসকল আৰক্ষীয়ে বিহুৰ দিনটোত নিজৰ ঘৰলৈ যাব নোৱাৰি দায়িত্ব পালন কৰি থাকে সেইসকলৰ বাবে এঘণ্টা সময় উলিয়াই ভোগালী বিহুৰ আয়োজন কৰা হৈছে । সমান্তৰালকৈ অৱসৰপ্ৰাপ্ত বিষয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰাও হৈছে ।"
লগতে পঢ়ক :মকৰ সংক্ৰান্তি আৰু পৰশুৰাম কুণ্ডৰ স্নানৰ আছে এক ওতঃপ্ৰোত সম্পৰ্ক - PARSHURAM KUND