চিটাৰা ডেস্ক, ২৮ ফেব্ৰুৱাৰী: জনপ্ৰিয় ভোজপুৰী অভিনেত্ৰী আঞ্চল তিৱাৰীৰ মঙলবাৰে পথ দুৰ্ঘটনাত মৃত্যু হয় । এই দুৰ্ঘটনাত কণ্ঠশিল্পী ছুটু পাণ্ডেৰ লগতে আন ৭ জন লোকেও প্ৰাণ হেৰুৱাইছে । এনে পৰিস্থিতিত বহু সংবাদ মাধ্যমে ভোজপুৰী অভিনেত্ৰী আঞ্চল তিৱাৰীক ‘পঞ্চায়ত ২’ খ্যাত অভিনেত্ৰী আঞ্চল তিৱাৰীৰ বুলি ভাবি তেওঁৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছিল ৷ সকলোৱে ভাবিছিল পঞ্চায়ত ২’ খ্যাত অভিনেত্ৰী আঞ্চল তিৱাৰীৰ মৃত্যু হৈছে ৷ এতিয়া ‘পঞ্চায়ত ২’ খ্যাত অভিনেত্ৰীগৰাকীয়ে নিজেই নিজৰ জীয়াই থকাৰ প্ৰমাণ দিছে ।
‘পঞ্চায়ত ২’খ্যাত অভিনেত্ৰী আঞ্চল তিৱাৰীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি কয় যে তেওঁ জীয়াই আছে আৰু তেওঁৰ মৃত্যুৰ ভুৱা খবৰ বিয়পোৱা সকলৰ ওপৰতো তেওঁ ক্ষোভ প্ৰকাশ কৰে ।
ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘মোৰ নাম আঞ্চল তিৱাৰী, কাইলৈ নিশ্চয় আপুনি ‘পঞ্চায়ত ২’ৰ অভিনেত্ৰী আঞ্চল তিৱাৰীৰ মৃত্যুৰ খবৰটো চাইছে । সেই আঞ্চল তিৱাৰী আন কোনোবাহে, তেওঁ এগৰাকী ভোজপুৰী অভিনেত্ৰী, 'পঞ্চায়ত ২'ৰ আঞ্চল তিৱাৰী ইয়াত আপোনাৰ সন্মুখত আছে, নিৰাপদে । এয়া একেবাৰে ভুৱা বাতৰি ।’’