ETV Bharat / entertainment

এটা গীতৰ বাবে চৰ্চালৈ আহিছে সীমান্ত শেখৰ, পিছে পৰিৱেশনৰ বাবে নহয় চুৰিৰ বদনামেৰেহে ! - SIMANTA SHEKHAR RAJIB SADIYA

গণশিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৰ শোক মাৰ যোৱাই নাই, তাৰ মাজতে কণ্ঠশিল্পী সীমান্ত শেখৰে তেওঁৰ গান চুৰি কৰিছিল বুলি খবৰ ওলাইছে ৷

Simanta Shekhar is accused of stealing song of late singer rajib sadiya Shrinkhal Axom Chaliha criticises
ৰাজীৱ শদিয়া-সীমান্ত শেখৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Feb 12, 2025, 5:32 PM IST

হায়দৰাবাদ : প্ৰথমাৱস্থাত চিনি নাপালেও এতিয়া চাগে অসমত ৰাজীৱ শদিয়াৰ নাম নুশুনা মানুহ নাই ৷ মৃত্যুৰ পাছতে পালে গণশিল্পীৰ আখ্যা ৷ মৃত্যুৱেহে যেন তেওঁক প্ৰকৃতাৰ্থত পাবলগীয়া সন্মানখিনি আনি দিলে ! তেওঁৰ মৃত্যুৰ পাছত অসমত দেখা গ’ল এক বেলেগ দৃশ্য ৷ প্ৰতিদিনেই কেৱল তেওঁক লৈ চৰ্চা চলা দেখা গ’ল ৷ মঞ্চত গান পৰিৱেশন কৰি থাকোতেই অকস্মাতে স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে বচাব নোৱাৰিলে তেওঁৰ প্ৰাণ ৷ সেই সময়ত বহুজনে অসমৰ চিকিৎসা সেৱাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল ৷

ৰাজীৱ শদিয়া, যি জাতি-মাটি-স্বদেশ প্ৰেমত মতলীয়া, যি নিজৰ গানেৰে শ্ৰোতাৰ মনত দেশপ্ৰেম জগাই তুলিব বিচাৰে, তেনে এগৰাকী শিল্পীৰ মৃত্যু নিশ্চয়কৈ সংগীত জগতখনৰ বাবে অপূৰণীয় ক্ষতি ৷ তেওঁৰ মৃত্যুৰ পিছৰ যি দৃশ্যপট, সেয়া যদি জীয়াই থকা কালতে তেওঁ দেখিলে হয়, অনুৰাগীসকলৰ মনৰ অনুভৱ মাথো এইটোৱেই ৷ পিছে তাৰ মাজতে অন্য এটা কথাই শদিয়াৰ অনুৰাগীসকলক ক্ষোভিত কৰি তুলিছে ৷ কণ্ঠশিল্পী সীমান্ত শেখৰক কটু মন্তব্যৰে সামাজিক মাধ্যমত সমালোচনা কৰিছে বহুতে ৷ এটা গানৰ বাবে দুয়োগৰাকীৰ নাম সাঙোৰ খাই পৰিছে ৷

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাৰ ভাষ্য (ETV Bharat Assam)

ঘটনাটো বিগত বৰ্ষৰ ৷ 2024 বৰ্ষৰ 1 আগষ্টত কণ্ঠশিল্পী সীমান্ত শেখৰে ফেচবুকত এটা পোষ্ট দিছিল ৷ পোষ্টটোত তেওঁ লিখিছিল, "আগন্তুক 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI Goa) ত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহুকেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰীয়ে । তাৰে প্ৰস্তুতিত আমাৰ গান "জিলেলে জিলেলে"ত এক নৃত্য দেখি খুবেই আপ্লুত হৈছোঁ ।"

উক্ত পোষ্টটোতে ‘ৰাজীৱ শদিয়া নতুন’ নামৰ এটা একাউণ্টৰ পৰা হোৱা এটা কমেণ্টে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কমেণ্টটোত লিখা আছিল, "এইটো মোৰহে গান আছিল । পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব । আপুনি জনা বুজা মানুহ বিশেষ নকওঁ ।" যোৱা বছৰৰ এই কমেণ্টটোত এতিয়া বহুতে প্ৰতিক্ৰিয়া দিছে আৰু সীমান্ত শেখৰক সমালোচনা কৰিছে ৷

Simanta Shekhar is accused of stealing song of late singer rajib sadiya Shrinkhal Axom Chaliha criticises
চৰ্চিত সমগ্ৰ ঘটনা (Photo : Facebook)

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাই সীমান্ত শেখৰক চোৰ আৰু দালাল আখ্যা দিছে

কণ্ঠশিল্পী তথা অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ বিৰুদ্ধে গান চুৰিৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ এটি গীত তেওঁ চুৰ কৰিছে বুলি ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা চলিছে । ইয়াৰ পাছতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয়, "সীমান্ত শেখৰ চোৰেই হয় । চোৰে চুৰ নকৰি কি কৰিব ? সীমান্ত শেখৰৰ নাম অসমৰ ইতিহাসত বদন বৰফুকন আৰু দালাল হিচাপেই লিখা থাকিব ।"

লগতে পঢ়ক : মৰ্মিতাৰ সমমৰ্মিতা: ৰাজীৱ শদিয়াৰ পৰিয়াললৈ বংগকন্যাই মেলি দিলে সহায়ৰ দুহাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.