চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী:‘দেৱো কে দেৱ মহাদেৱ’ ধাৰাবাহিকখনত পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি লাভ কৰিছিল অভিনেত্ৰী সোণাৰিকা ভদোৰিয়াই ৷ অভিনেত্ৰীগৰাকীয়ে এতিয়া আৰম্ভ কৰিছে জীৱনৰ এক নতুন অধ্যায় ৷ বিয়াৰ বান্ধোনত বান্ধ খাইছে সোণাৰিকা । দেওবাৰে দীৰ্ঘদিনীয়া প্ৰেমিক বিকাশ পৰাশৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় সোণাৰিকা । বিয়াৰ পিচত এতিয়া পোহৰলৈ আহিছে বিবাহৰ ভিডিঅ’ ।
উল্লেখ্য যে, ৰাজস্থানত ৰাজকীয়ভাৱে বিবাহপাশত আৱদ্ধ গৈছে সোণাৰিকা । বিয়াৰ বাবে সোণাৰিকাই পৰিধান কৰিছিল ফিচকাট ষ্টাইলৰ লেহেংগা । বিয়াৰ ৰঙা সাজত খুব ধুনীয়া দেখা গৈছে অভিনেত্ৰীগৰাকীক । এই লুকটো হীৰাৰ গহনাৰে সম্পূৰ্ণ কৰিছে অভিনেত্ৰীগৰাকীয়ে । লগতে চুলিত লগাইছিল গজৰা । সোণাৰিকাৰ মেকআপৰ কথা ক’বলৈ গ’লে একেবাৰে সাধাৰণ মেকআপ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু সাধাৰণ মেকআপতো অভিনেত্ৰীগৰাকীক খুব ধুনীয়া দেখা গৈছে ৷
ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’