অসম

assam

ETV Bharat / entertainment

ঐতিহাসিক চৰাইদেউৰ ধোদৰ আলিৰ জৰাজীৰ্ণ ৰূপ দেখি খং উঠিল হনুমেনৰ

Assamese movie Joy hanu man: জয়‌ হনুমেন ধৰ্মক লৈ নিৰ্মাণ হোৱা‌ নাই ৷ আকৌ স্পষ্ট কৰি দিলে হিমাংশু প্ৰসাদ দাসে ৷

By ETV Bharat Entertainment Team

Published : Oct 11, 2024, 3:02 PM IST

upcoming assamese movie Joy hanu man promotion hanu man reacts to Dhodar Alis condition
জয়‌ হনুমেনৰ প্ৰচাৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 11 অক্টোবৰ :18 অক্টোবৰত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি জয় হনুমেনে ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছবিখনৰ প্ৰচাৰ চলাইছে হিমাংশু প্ৰসাদ দাস আৰু তেওঁৰ দলে ৷ ব্যতিক্ৰমীভাৱে প্ৰচাৰ চলাই ইতিমধ্যেই চৰ্চালৈ আহিছে ছবিখন । ছবিগৃহলৈ অহাৰ পূৰ্বেই কিছু বিতৰ্কৰ সৃষ্টি হৈছে হনুমেন নামটোক লৈ । হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা হনুমানৰ নাম বিকৃতকৰণৰ অভিযোগ তুলি বহুজনে সমালোচনা কৰিছে হিমাংশু দাসৰ নতুন ছবি হনুমেনক ।

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জয় হনুমেনৰ প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ ছবিখনৰ টীমটোৱে বৰ্তমান সমাজৰ জ্বলন্ত সমস্যাসমূহ উপস্থাপন কৰা পৰিলক্ষিত হৈছে । চিনেমাখনৰ প্ৰচাৰৰ মাধ্যমেৰে স্মাৰ্ট মিটাৰ বন্ধৰ দাবী, গিবন সুৰক্ষা, আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অস্ত্ৰ এৰি‌ ৰাইজৰ মাজলৈ অহাৰ আহ্বান আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰি অহা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মৰাণ আৰু চৰাইদেউৰ‌ সোণাৰিত ব্যতিক্ৰমী ৰূপত প্ৰচাৰ চলালে হনুমেন আৰু ছবিখনৰ কলা-কুশলীসকলে ।‌

ঐতিহাসিক চৰাইদেউৰ ধোদৰ আলিৰ জৰাজীৰ্ণ ৰূপ দেখি খং উঠিল হনুমেনৰ (ETV Bharat Assam)

মৰাণৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী‌সকলৰ সৈতে মত-বিনিময় কৰি ছবিৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় পৰিচালক আৰু দলটোক । মৰাণৰ ৰাইজক 18 অক্টোবৰত জয়‌ হনুমেন ছবিখন উপভোগ কৰিবলৈ আহ্বান জনালে ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাস আৰু হনুমেনে । ছবিগৃহলৈ অহাৰ পূৰ্বে নামটোক লৈ যিসকলে বিতৰ্ক কৰিছে‌ তেওঁলোককো হিমাংশু প্ৰসাদ দাসে প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হয় ।

লগতে পঢ়ক :চাবুৱাৰ পৰা পৰেশ বৰুৱালৈ কি আহ্বান হনুমেনৰ ?

বিয়লি ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিতো উপস্থিত হয় হনুমেন । সোণাৰিৰ ৰাজপথত ৰাইজৰ সৈতে মত-বিনিময় কৰি প্ৰচাৰ চলাই হনুমেনে । অসমৰ বিভিন্ন প্ৰান্তৰৰ পাছত সোণাৰিত উপস্থিত হোৱা হনুমেন হতভম্ব হয় ধোদৰ আলিৰ দুৰৱস্থা দেখি । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সমীপতে থকা ধোদৰ আলি শীঘ্ৰে নিৰ্মাণৰ দাবী জনালে হনুমেনে ।

ঐতিহাসিক ধোদৰ আলিক লৈ কি মন্তব্য হনুমেনৰ ?

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সমীপত উপস্থিত হৈ হনুমেনে কয়, “চৰাইদেউ মৈদামে‌ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে । কিন্তু তাৰ ওচৰতে থকা ঐতিহাসিক ধোদৰ আলিৰ অৱস্থা অতি জৰাজীৰ্ণ । ধোদৰ আলিত অতি দ' দ' গাঁত হৈ পৰিছে, সেইবাবে চৰকাৰক ধোদৰ আলি অতি সোনকালে নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছো ।”

ছবিখনক লৈ হোৱা সমালোচনাৰ কি প্ৰত্যুত্তৰ দিলে পৰিচালক হিমাংশু প্ৰসাদ দাসে ?

“একাংশই ছবিখনৰ নামটোক লৈ বিতৰ্ক কৰিছে‌ । বিতৰ্ক কৰাসকলে‌ কৈছে আমি হিন্দু ধৰ্মক অপমান কৰিছো । কিন্তু এই চিনেমাখনত জড়িত থকা বেছিসংখ্যক কলা-কুশলীয়েই হিন্দু ধৰ্মৰ লোক, হিন্দু ধৰ্মক বিশ্বাস কৰে । তেওঁলোকে হনুমানক ভক্তি কৰে । যিসকলে চিনেমাখনক সমালোচনা কৰিছে তেওঁলোকহে হিন্দু নেকি ? যিসকলে হিন্দুত্বৰ ঠিকা লোৱা বুলি ভাবিছে তেওঁলোকক কওঁ, সঁচা অৰ্থত হিন্দু ধৰ্মক বিশ্বাস কৰা,‌ প্ৰভু হনুমানক ভক্তি কৰা ব্যক্তিৰ দ্বাৰাই এই চিনেমাখন নিৰ্মাণ কৰা হৈছে । এই চিনেমাখনৰ মূল বিষয় ধৰ্ম নহয় । সমাজৰ অতি গুৰুত্বপূৰ্ণ বিষয় এই চিনেমাখনৰ দ্বাৰা উপস্থাপন কৰা হৈছে ।”

লগতে পঢ়ক :বিতৰ্কত ‘জয় হনুমেন’; সনাতন ধৰ্মৰ ভগৱানক অপমান কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details