ETV Bharat / entertainment

তেলুগু চলচ্চিত্ৰ উদ্যোগলৈ সম্পূৰ্ণ সমৰ্থন কিন্তু... ! মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে স্পষ্ট কৰি দিলে - REVANTH REDDY SANDHYA THEATRE CASE

হায়দৰাবাদৰ বাঞ্জাৰা হীলছত টলীউডৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে কৰে এই গুৰুত্বপূৰ্ণ মন্তব্য ।

sandhya theatre case cm revanth reddy meets tollywood actors and filmmakers Full Support To Telugu Film Industry But No Compromise On Law And Order
তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেভান্ত ৰেড্ডীয়ে ২৬ ডিচেম্বৰ ২০২৪ তাৰিখে বৃহস্পতিবাৰে হায়দৰাবাদত তেলেগু চলচ্চিত্ৰ উদ্যোগৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে।(X@revanth_anumula) (Photo : ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : 14 hours ago

হায়দৰাবাদ : তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে বৃহস্পতিবাৰে তেলুগু চলচ্চিত্ৰ উদ্যোগক আশ্বাস দিয়ে যে চৰকাৰে সদ্যহতে ঘটি যোৱা ঘটনাটোৰ সৈতে থিয় দিব, লগতে দৃঢ়তাৰে কয় যে আইন-শৃংখলাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আপোচ কৰা নহ’ব ।

সংবাদ প্ৰতিষ্ঠান এ এন আয়ে প্ৰকাশ কৰা অনুসৰি আজি বাঞ্জাৰা হিলছৰ তেলেংগানা ৰাজ্যিক আৰক্ষী কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰত টলীউডৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে ।

শেহতীয়াকৈ সন্ধ্যা থিয়েটাৰত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছত জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰ পিছতেই শাসনব্যৱস্থা আৰু টিনচেলটাউনৰ মাজত উদ্ভৱ হোৱা তিক্ত সম্পৰ্ক কমাবলৈ আজিৰ বৈঠকখন অনুষ্ঠিত কৰা হয় ।

টলীউডৰ পৰা অহা প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল তেলেংগানা ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ অধ্যক্ষ দিল ৰাজু । অন্যান্য উপস্থিতসকলৰ ভিতৰত অভিনেতা নাগাৰ্জুন, বৰুণ তেজ, সাই ধৰ্ম তেজ, কল্যাণ ৰাম, শিৱ বালাজী, আদৱী সেশ, নিথিন আৰু ভেংকটেশকে আদি কৰি বহুজন আছিল । সূত্ৰই জনোৱা মতে, মুখ্যমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে চেলেব্ৰিটীসকলে নিজৰ অনুৰাগীক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু উদ্যোগটো জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব ।

"চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় । চৰকাৰক চলচ্চিত্ৰ জগতৰ উন্নয়ন আৰু ইয়াৰ সমস্যাসমূহৰ সমাধানৰ আশ্বাস দিয়া হয় । উপ-মুখ্যমন্ত্ৰী শ্ৰী মল্লু ভট্টী বিক্ৰমাৰ্কা, চিনেমেট'গ্ৰাফী মন্ত্ৰী শ্ৰী কোমাটিৰেদ্দি ভেংকট ৰেড্ডী, এফ ডি চিৰ অধ্যক্ষ শ্ৰী দিল ৰাজু আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছিল ।" এক্সত মুখ্যমন্ত্ৰীৰ পোষ্ট ৷

বুধবাৰে তেলেংগানা ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ তথা আগশাৰীৰ প্ৰযোজক দিল ৰাজুৱে কয় যে প্ৰতিনিধি দলটোৱে চৰকাৰ আৰু উদ্যোগটোৰ মাজত “সুস্থ সম্পৰ্ক” গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাব ।

৪ ডিচেম্বৰত 'পুষ্পা ২' চলচ্চিত্ৰখনৰ আগতীয়া প্ৰদৰ্শন হৈছিল সন্ধ্যা থিয়েটাৰত ৷ সেই সময়ত তাত আল্লু অৰ্জুন উপস্থিত হোৱাত যথেষ্ট ভিৰ হয় ৷ ঠেলাহেঁচাত এগৰাকী ৩৫ বছৰীয়া মহিলাৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ এই স্থিতি দেখিবলৈ পোৱা গৈছে ।

ৰেড্ডীয়ে অভিনেতাজনক ৰোড শ্ব’ অনুষ্ঠিত কৰি থিয়েটাৰত ৰাইজৰ আগত হাত জোকাৰি যোৱাৰ বাবে সমালোচনা কৰাৰ কেইঘণ্টামানৰ পাছতে কাৰো নাম উল্লেখ নকৰাকৈয়ে ‘পুষ্পা’ তাৰকাগৰাকীয়ে অভিযোগ খণ্ডন কৰি কয় যে এইটো কোনো শোভাযাত্ৰা বা ৰোড শ্ব’ নহয় ।

১৩ ডিচেম্বৰত মহিলাগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছিল । তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক একেদিনাই চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে আৰু ১৪ ডিচেম্বৰৰ পুৱা তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় । (এজেন্সি ইনপুট)

লগতে পঢ়ক : সন্ধ্যা থিয়েটাৰ গোচৰত আল্লু অৰ্জুনৰ জেৰা সমাপ্ত, অনুমতি অবিহনে প্ৰিমিয়াৰলৈ গৈছিল নেকি অভিনেতাজন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.