অসম

assam

ETV Bharat / entertainment

ছলমান খানৰ প্ৰডাকচন কোম্পানীয়ে জাৰি কৰিলে সতৰ্কবাণী

Salman Khan Production House SKF Fraud: শেহতীয়াকৈ ছলমান খানৰ প্ৰডাকচন কোম্পানী ছলমান খান ফিল্মছে এক জাননী জাৰি কৰিছে । ভুৱা কাষ্টিং কলৰ সন্দৰ্ভত তেওঁ সতৰ্কবাণী জাৰি কৰিছে । কোম্পানীটোৱে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত কোম্পানীটোৰ নাম বা ছলমান খানৰ নামৰ অপব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা কৈছে।

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 11:03 AM IST

Salman Khan's production house warns fans against fake casting calls
ছলমান খানৰ নামত কাষ্টিং প্ৰৱঞ্চনা

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: বলিউডৰ ভাইজান ছলমান খান কিবা নহয় কিবা কাৰণত প্ৰায়ে লাইমলাইটত থাকে । এতিয়া পুনৰ লাইমলাইটলৈ আহিছে ভাইজান ৷ অৱশ্যে এইবাৰ তেওঁ নিজৰ প্ৰডাকচন হাউছৰ বাবে লাইমলাইটলৈ আহিছে । শেহতীয়াকৈ ছলমান খানৰ প্ৰডাকচন কোম্পানী ‘ছলমান খান ফিল্মছ’এ এক সতৰ্কবাণী জাৰি কৰিছে । ভুৱা কাষ্টিং কলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সতৰ্কবাণী দিছে ভাইজানে । ঘটনাৰ বিৱৰণী জানো আহক এই প্ৰতিবেদনত ৷

শেহতীয়াকৈ ছলমান খানৰ প্ৰডাকচন কোম্পানীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্টটোৰ জৰিয়তে তেওঁ ভুৱা কাষ্টিং কলৰ সন্দৰ্ভত এটা সতৰ্কবাণী জাৰি কৰিছে । ছ’চিয়েল মিডিয়াত জাৰি কৰা সতৰ্কবাণীটোত লিখা আছিল যে তেওঁ ছবিত অভিনয় কৰাৰ বাবে কোনো তৃতীয় পক্ষৰ সৈতে জড়িত নহয় । যদি আপুনি এই বিষয় সন্দৰ্ভত কোনো মেইল ​​বা বাৰ্তা লাভ কৰে, তেন্তে বিশ্বাস নকৰিব ।

ছলমানৰ প্ৰডাকচন কোম্পানীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

পোষ্টটোত লগতে কোৱা হয়, “যদি ছলমান খানৰ নাম কোনো ভুল ধৰণে ব্যৱহাৰ কৰা হয় তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।” এই জাননী পোষ্ট কৰাৰ সময়ত কেপচনত আনুষ্ঠানিক জাননী বুলি লিখা হৈছে । পোষ্টটোত স্পষ্টকৈ লিখা আছে যে ছলমান খান আৰু তেওঁৰ কোম্পানীয়ে কোনো ছবিৰ কাষ্টিঙৰ সন্ধান কৰা নাই । যদি ইয়াৰ সৈতে জড়িত কোনো বিষয় আপোনাৰ ওচৰলৈ আহে তেন্তে সেয়া ভুৱা । গতিকে এনেধৰণৰ যিকোনো ফোনকলৰ পৰা আঁতৰি থাকিব লাগে বুলি কোৱা হয় ।

তেওঁ লগতে কয় যে তেওঁৰ আগন্তুক ছবিখনৰ বাবে কোনো কাষ্টিং এজেণ্ট নিয়োগ কৰা নাই । এইখিনিতে উল্লেখ কৰিব লাগিব যে, ইয়াৰ পূৰ্বে ২০২৩ চনতো ছলমান খানৰ প্ৰডাকচন হাউছে তেওঁৰ নাম ব্যৱহাৰ কৰি ভুৱা কাষ্টিং কলৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰিছিল ।

ছলমান খান ফিল্মছ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

ছলমানে ২০১১ চনত ছলমান খান ফিল্মছ আৰম্ভ কৰিছিল । এই বেনাৰত প্ৰথমখন ছবি আছিল নীতিশ তিৱাৰী আৰু বিকাশ বাহলৰ পৰিচালনাৰে নিৰ্মিত ‘চিলাৰ পাৰ্টি’। একে সময়তে ইয়াৰ অধীনত যি উপাৰ্জন হয়, ছলমানে বিং হিউমেন ফাউণ্ডেশ্যনক দান কৰে ।

লগতে পঢ়ক:শ্বাহৰুখ-অনুৰাগীৰ মাজৰ এটা ভিডিঅ’, যিটো দেখিলে আপোনাৰো চকুলো বৈ আহিব

ABOUT THE AUTHOR

...view details