ETV Bharat / entertainment

কোনখন ছবিৰ বাবে মেথড এক্টিঙৰ সহায় লৈছিল শ্বাহৰুখে ?

শেহতীয়াকৈ শ্বাহৰুখ খানে প্ৰকাশ কৰিছে তেওঁৰ জীৱনৰ এখন বিশেষ ছবিৰ কথা ৷ কিয় বিশেষ আছিল কিং খানৰ বাবে এই ছবিখন ?

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Shah Rukh Khan Reveals He done big films like Devdas because he thinks his parents can see from heaven
শ্বাহৰুখ খান (Photo : ANI)

চিটাৰা ডেস্ক, 17 অক্টোবৰ : ছুপাৰষ্টাৰ বুলিলেতো শ্বাহৰুখ খানৰ নামটোৱে মনলৈ আহে ৷ প্ৰশ্ন হয় কেতিয়াবা ওলাব জানো তেনেকুৱা দ্বিতীয় এজন ! কি অনুভৱ দিয়া নাই শ্বাহৰুখে দৰ্শক অনুৰাগীক-ৰোমাঞ্চ, হাঁহি, কান্দোন, খং, দুখ, শোক সকলো উজাই আহে শ্বাহৰুখৰ ছবিত ৷

শ্বাহৰুখ খানে সঞ্জয় লীলা ভাঞ্চালীৰ 2002 চনৰ ব্লকবাষ্টাৰ পিৰিয়ড ড্ৰামা দেৱদাসত এজন সুৰাপায়ীৰ চৰিত্ৰত অভিনয় কৰিছিল । লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱৰ শেহতীয়া বাৰ্তালাপত অভিনেতাজনে প্ৰকাশ কৰে যে তেওঁ এই চৰিত্ৰটোৰ বাবে মেথড এক্টিঙৰ আশ্ৰয় লৈছিল । যাৰ বাবে অভিনেতাজন লাভ-লোকচান দুয়োটাৰে সন্মুখীন হৈছিল । একে সময়তে, তেওঁ প্ৰকাশ কৰে যে তেওঁ তেওঁৰ পিতৃ-মাতৃৰ বাবে দেৱদাসৰ দৰে ডাঙৰ ছবিখন কৰিছিল ৷ শ্বাহৰুখ খানে কি কৈছিল জানো আহক ।

শ্বাহৰুখ খান মদৰ প্ৰতি আসক্ত আছিল

লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত শ্বাহৰুখ খানে প্ৰকাশ কৰে যে তেওঁ চৰিত্ৰটো তৈয়াৰ কৰিবলৈ সুৰাৰ আশ্ৰয় লৈছিল । এইটোৱে কাম কৰিছিল নেকি বুলি সোধাত, তেওঁ উত্তৰ দিছিল যে পেছাদাৰীভাৱে ই সহায় কৰিছিল কিয়নো ছবিখনৰ মুক্তিৰ পিছৰটো বছৰত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল । অৱশ্যে, তেওঁ লগতে কয় যে ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰিছিল, কিয়নো তেওঁ অভ্যস্ত হৈ পৰিছিল ।

লগতে পঢ়ক : ছবিখন জীৱনৰ ডাঙৰ হিট স্বত্বেও এটা কথাত সুখী নাছিল শ্বাহৰুখ - Shah Rukh Khan Look in KKHH

পিতৃ-মাতৃৰ বাবে কৰিলে দেৱদাস

দেৱদাস কৰাৰ কাৰণ বৰ্ণনা কৰি তেওঁ কয়, “মোৰ এনে ধৰণৰ চিনেমা কৰাৰ যথেষ্ট ইচ্ছা আছিল কাৰণ তেতিয়ালৈকে মোৰ মা-দেউতাৰ মৃত্যু হৈছিল । মই সদায় অনুভৱ কৰিছিলো যে যদি মই ডাঙৰ চিনেমা কৰো, মোৰ মা-দেউতাই স্বৰ্গৰ পৰা চাই থাকিব ।” শ্বাহৰুখে এতিয়াও বিশ্বাস কৰে যে তেওঁৰ মাক এগৰাকী তাৰকা আৰু তেওঁ দেৱদাসক বহুত ভাল পাইছিল ।

ফৌজীৰ পৰাই শ্বাহৰুখে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল

1981 চনত শ্বাহৰুখ খানৰ পিতৃৰ মৃত্যু হোৱাৰ বিপৰীতে 1990 চনত মাতৃৰ মৃত্যু ঘটিছিল । তেওঁৰ পিতৃৰ নাম আছিল মীৰ তাজ মহম্মদ খান আৰু মাতৃৰ নাম আছিল লতিফ ফাতিমা খান । 1989 চনত টিভি ধাৰাবাহিক ফৌজীৰ জৰিয়তে শ্বাহৰুখে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিছত তেওঁ ঘৰে ঘৰে বিখ্যাত হৈ পৰে । কিং খানৰ প্ৰথম ছবি আছিল দীৱানা যি 1992 চনত মুক্তি পাইছিল । এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰে ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শ্বাহৰুখ খানে বিগত বছৰত তিনিখন হিট ছবি উপহাৰ দিয়ে । যাৰ ভিতৰত পাথান আৰু জোৱান ব্লকবাষ্টাৰ আছিল ৷ এতিয়া তেওঁক দেখা যাব কিঙত ।

লগতে পঢ়ক : লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱ 2024 ত সন্মানিত হ'ব শ্বাহৰুখ - SRK Locarno Film Festival 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.