ETV Bharat / entertainment

ভালপোৱাৰ ৰাগীত আউলি-বাউলি কমল লোচন-দীপলিনা ডেকা

অংগৰাগ পাপন মহন্ত আৰু ভাস্বতী ভাৰতীৰ কণ্ঠৰে মুক্তি লাভ কৰিলে আগন্তুক অসমীয়া ছবি ‘অভিমন্যু’ ৰ দ্বিতীয়টো গীত ।

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Abhimanyu
কমল লোচন-দীপলিনা ডেকা (Screen grab from Youtube)

গুৱাহাটী, 17 অক্টোবৰ : চলিত বৰ্ষৰ শেষৰ ভাগলৈ অৰ্থাৎ নৱেম্বৰ মাহৰ 15 তাৰিখে মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি ‘অভিমন্যু’ এ । শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা অচিন্ত্য শংকৰৰ । কিছুদিন পূৰ্বে ছবিখনৰ পোষ্টাৰ, মোশ্যন পোষ্টাৰ আৰু ছবিখনৰ আইটেম গীতটি মুক্তি দিয়াৰ পাছতে শেহতীয়াকৈ মুক্তি দিয়া হৈছে ছবিখনৰ দ্বিতীয়টো গীত 'ভালপোৱা হৈ বাজিছো ।'

জয়ন্ত হাজৰিকা অৰ্থাৎ অসমবাসীৰ মৰমৰ ৰাণা দাৰ মৃত্যুবাৰ্ষিকীৰ দিনটোতেই মুক্তি দিয়া হয় এই নতুন অসমীয়া গীতটি । গীতটিৰ মুক্তিৰ পাছতে এতিয়া সমাজিক মাধ্যমত যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে । গীতটিত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত আৰু ভাস্বতী ভাৰতীয়ে । গীতটিৰ কথা, সুৰ আৰু সংগীত দিগন্ত ভাৰতীৰ । ছ’চিয়েল মিডিয়াৰ সমাদৰে দেখুৱাইছে যে ‘ভালপোৱা হৈ বাজিছো’ দিগন্ত ভাৰতীৰ অন্যতম মাষ্টাৰপিছ । গীতটিৰ সংগীত ব্যৱস্থাপনা পলাশ সূৰ্য্য গগৈৰ ।

আনহাতে, গীতটো কৰিঅ'গ্ৰাফ কৰিছে প্ৰণৱ ভৰালীয়ে । ছবিখনত মুখ্য চৰিত্ৰত থকা দীপলিনা ডেকা আৰু কমল লোচনৰ অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ গীতটো এতিয়া জীপাল হৈ পৰিছে শ্ৰোতা-দৰ্শকৰ মাজত । মূলতঃ গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই নতুন অসমীয়া ছবিখন ৷ কমল লোচন আৰু দীপলিনা ডেকাৰ লগতে ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা দেৱজিৎ হাজৰিকা, হিৰণ্য ডেকা, ৰিম্পি দাস, ভাগৱত প্ৰীতম, ৰাজীব গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জ্বলি লস্কৰ, অসীম কৃষ্ণ বৰুৱা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথকে ধৰি বহু ন-পুৰণি কলা-কুশলীয়ে । ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে । গীতৰ কথা লিখিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই ।

লগতে পঢ়ক : ‘অভিমন্যু’ৰ পোষ্টাৰত দীপলীনা-কমলৰ ৰোমাঞ্চে জুৰাইছে হৃদয় - Abhimanyu Assamese Movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.