ETV Bharat / state

ভূপেনৰ কাণ্ডত স্তম্ভিত সৰিয়হতলীবাসী - GUWAHATI MURDER CASE

দিছপুৰৰ হত্যাকাণ্ডক লৈ নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া । ঘটনা সন্দৰ্ভত ঘাতক ভূপেন দাসৰ চুবুৰীয়াই কি ক'লে ?

Guwahati murder case
গুৱাহাটীত নৃশংস হত্যাকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 14 hours ago

নলবাৰী : গুৱাহাটীৰ মাজমজিয়াত চাঞ্চল্যৰ ঘটনা । যাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ৰাজধানী দিছপুৰত ভূপেন দাস নামৰ এজন কেব চালকৰ ছুৰিকাঘাতত এগৰাকী মহিলাৰ মৃত্যু হয় । ইফালে মহিলাগৰাকীক আক্ৰমণৰ পিছতে ভূপেন দাসেও নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল । জানিব পৰা মতে ভূপেন দাস আৰু মহিলাগৰাকীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল ।

ভূপেন দাসৰ ঘৰত প্ৰতিক্ৰিয়া

গুৱাহাটীত নৃশংস হত্যাকাণ্ড (ETV Bharat Assam)

আক্ৰমণকাৰী ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়হতলীত । এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে নলবাৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চুবুৰীয়া একাংশই জনোৱা মতে ভূপেন দাস বিবাহিত । তেওঁৰ পত্নী আৰু দুই কন্যা সন্তানো আছে । তেওঁৰ পৰিয়ালটো গুৱাহাটীতে ভাৰাতীয়া হিচাপে থাকে । ভূপেন দাসে কেইবাবছৰ ধৰি গুৱাহাটীতে কেব চালক হিচাপে আছে । চুবুৰীয়াৰ মতে ঘৰত কেৱল ভূপেনৰ মাতৃ থাকে । মাজে সময়ে মাতৃৰ খবৰ ল'বলৈ বা কোনো অনুষ্ঠান উপলক্ষে গাঁৱৰ ঘৰলৈ যায় । বিবাহিত ভূপেন দাসৰ এনে কাণ্ডই এতিয়া আচৰিত কৰি তুলিছে চুবুৰীয়াসকলক । পত্নী আৰু সন্তান থকাৰ পিছতো আন মহিলাৰ সৈতে ভূপেন দাসৰ সম্পৰ্ক থকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

মহিলাগৰাকীক ভূপেন দাসে কিয় কৰিলে আক্ৰমণ ?

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে ঘাতক ভূপেন দাসে নিহত মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিছিল । কিন্তু মহিলাগৰাকীয়ে সেয়া বিচৰা নাছিল । যাৰ বাবে যুৱতীগৰাকীক আক্ৰমণ কৰিলে ভূপেন দাসে । আনহাতে নিহত মহিলাগৰাকীও আছিল বিবাহিত । জানিব পৰা মতে ভূপেনৰ বিৰুদ্ধে কিছুদিন পূৰ্বে পাণবজাৰ থানাত মহিলাগৰাকীয়ে এজাহাৰো দাখিল কৰিছিল । অভিযোগ অনুসৰি ভূপেনে মহিলাগৰাকীক কেইবাবাৰো হত্যাৰ ভাবুকি দিছিল ।

লগতে পঢ়ক :কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ? - BRUTAL MURDER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.