যোৰহাট : ৰজাৰ পৃষ্ঠপোষকতাত ৰাইজে নিজে খনন কৰা অসমৰ একমাত্ৰ নদী হ'ল ভোগদৈ । এই ভোগদৈ নদী যোৰহাটবাসীৰ স্বাভিমান । ভোগদৈ নদীক সন্মুখত লৈয়ে যোৰহাটবাসীয়ে নিজৰ জীৱন প্ৰণালী আৰম্ভ কৰাৰ লগতে ৰাইজে দেখে অজস্ৰ সপোন । কিন্তু এই নদীখন এতিয়া মানুহৰ অত্যাচাৰৰ বাবে মৃত্যুৰ দুৱাৰদলিত উপনীত হৈছে । কাৰণ মানৱ জাতিয়ে আজি ভোগদৈ নদীক জাবৰ-জোঁথৰ পেলোৱা ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিছে । যাৰ ফলত নদীখনৰ বক্ষ বাম হৈ পৰিছে । একাংশ লোকৰ বেদখলৰ কৱলত পৰিছে নদীখন । যাৰ বাবে ভোগদৈক ৰক্ষা কৰিবলৈ ওলাই আহিছে যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগৰ এদল যুৱ স্বেচ্ছাসেৱক ।
ভোগদৈ চাফাই অভিযান
যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱকসকলে ১৬ ডিচেম্বৰ পৰা ভোগদৈ চাফাই কাৰ্যসূচী আৰম্ভ কৰে । স্বেচ্ছাসেৱকসকলে ১০ দিনীয়া কাৰ্যসূচীৰে ভোগদৈ পৰিষ্কাৰ কৰাত ব্ৰতী হৈ পৰে । ভোগদৈ পূজাডুবি ঘাটৰ আৰম্ভ কৰা এই কাৰ্যসূচীত এক কিলোমিটাৰ ব্যৱধানত ১৫ ট্ৰাক পেলনীয়া জাবৰ-জোঁথৰ আৰু ১৭৮ টা সৰু-ডাঙৰ প্ৰতিমা নদীখনৰ পৰা উলিয়াই অনা হয় ।
জাবৰ-জোঁথৰ পেলাই ভোগদৈক কলুষিত কৰিছে কোনে ?
এই চাফাই অভিযানৰ অন্তত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে মানুহৰ অত্যাচাৰৰ বাবেই যোৰহাটৰ আয়ুসৰেখা ভোগদৈয়ে মৃত্যুৰ ক্ষণ গণিছে । তেওঁ লগতে কয়,"আমি পৰিষ্কাৰ কৰিলো, এতিয়া ভোগদৈক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব যোৰহাটবাসী আৰু জিলা প্ৰশাসনৰ । ভোগদৈক মৃত্যুৰ দিশে নি একাংশই ইয়াৰ ভূমি দখল কৰি বেৰ পৰ্যন্ত দিছে ।" যদি এনেদৰে থাকে মানুহৰ বাবে কালক্ৰমত ভোগদৈক হেৰুৱাব লগা হ'ব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে ।
ভোগদৈৰ ইতিহাস
উল্লেখ্য যে স্বৰ্গদেউ গৌৰীনাথ সিংহই বিদ্ৰোহী মায়ামৰাৰ হাতৰ পৰা আহোম সাম্ৰাজ্য উদ্ধাৰ কৰা পাছতে গড়গাঁও আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী আনিছিল । সেই ৰাজধানীৰ কাষতে পানীৰ আৱশ্যকতা অনুধাৱন কৰি এখন নৈৰ কথা চিন্তা কৰে । ৰজাৰ আদেশত পূৰ্ণানন্দ বুঢ়াগোঁহায়ে ভোগ দি খান্দি নগা পাহাৰৰ পৰা যোৰহাটৰ মাজেদি বোৱাই আনি ব্ৰহ্মপুত্ৰত পেলাইছিল এই নৈখন । সেয়েহে ভোগ দি নদীখন খন্দা কাৰণে ইয়াৰ নাম ভোগদৈ হ'ল । কিন্তু এই ভোগদৈ কালক্ৰমত ইতিহাস হ'ব বুলি এতিয়া একাংশ প্ৰকৃতিপ্ৰেমীয়ে আশংকা কৰিছে ।
লগতে পঢ়ক :আলহী পক্ষী-হলৌ বান্দৰে মুগ্ধ কৰিছে পৰ্যটকক - MIGRATORY BIRD IN TINSUKIA