ETV Bharat / entertainment

লৰেন্স বিষ্ণৈলৈ বাৰ্তা পঠিয়াই খলকনি তুলিছে ছলমানৰ প্ৰাক্তন প্ৰেমিকাই

ছলমান খানৰ প্ৰাক্তন প্ৰেমিকাৰ লৰেন্স বিষ্ণৈলৈ বাৰ্তা, “হেলো ভাই, মই আপোনাৰ লাভালাভৰ বিষয়ে আপোনাৰ সৈতে কথা পাতিব বিচাৰো ।”

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Salman Khan's ex girlfriend Somy Ali wants to contact with Lawrence Bishnoi
খলকনি তুলিছে ছলমানৰ প্ৰাক্তন প্ৰেমিকাই (Photo : IANS/ ETV Bharat)

চিটাৰা ডেস্ক, 17 অক্টোবৰ : ছলমান খানৰ ঘনিষ্ঠ বন্ধু তথা ৰাজনীতিবিদ বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতে মুম্বাইৰ পৰিৱেশ অতি বেয়া হৈ পৰিছে । বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত ছলমান খানৰ ঘনিষ্ঠ লোকসকলো আতংকিত হৈ পৰিছে । বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব লৈছে লৰেন্স বিষ্ণৈ চক্ৰই । শেহতীয়াকৈ ছলমান খানৰ ঘৰ নিৰীক্ষণ কৰি ভাবুকি দিয়া এজন লোকক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । এই সমগ্ৰ আতংকৰ পৰিৱেশৰ মাজতে ছলমান খানৰ প্ৰাক্তন প্ৰেমিকা তথা অভিনেত্ৰী সোমী আলীয়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ছ’চিয়েল মিডিয়াত সোমী আলীয়ে লৰেন্স বিষ্ণৈৰ যোগাযোগ নম্বৰ বিচাৰি পোষ্ট কৰিছে ।

সোমীয়ে লৰেন্সৰ লাভৰ বিষয়ে কয়

সোমী আলীয়ে 16 অক্টোবৰৰ নিশা তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত লৰেন্স বিষ্ণৈৰ এখন ফটো শ্বেয়াৰ কৰি লিখে, “এইটো লৰেন্স বিষ্ণৈলৈ পোনপটীয়া বাৰ্তা, নমস্তে লৰেন্স ভাই, শুনিছো আৰু দেখিছো যে আপুনি কাৰাগাৰৰ পৰা জুম কল কৰি আছে, সেয়েহে মইয়ো আপোনাৰ সৈতে কিছু কথা পাতিব বিচাৰো, অনুগ্ৰহ কৰি মোক কওঁক এইটো কেনেকৈ হ’ব পাৰে ? মোৰ সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ প্ৰিয় স্থান হৈছে ৰাজস্থান, মই আপোনাৰ মন্দিৰলৈ আহিব বিচাৰো উপাসনা কৰিবলৈ, কিন্তু তাৰ আগতে জুম কলত আপোনাৰ সৈতে কথা পাতিব বিচাৰো আৰু কিছু কথা নিশ্চিত হৈ যাওক পূজাৰ পিছত ৷ বিশ্বাস কৰক এইবোৰ আপোনাৰ লাভালাভৰ কথা ৷ আপোনাৰ মোবাইল নম্বৰটো দিয়ক, বহুত উপকাৰ হ’ব ।”

ছলমান খান আৰু সোমী আলীৰ সম্পৰ্ক

এতিয়া ছ’চিয়েল মিডিয়াত সোমীৰ পোষ্টটোত সোমীৰ সাহস দেখি নেটিজেন আচৰিত হৈ পৰিছে । উল্লেখ্য যে, 1991 চনত ছলমান খান আৰু সোমী আলীৰ মাজত ঘনিষ্ঠতা বাঢ়িছিল । ইয়াৰ পিছত 1999 চনত ঐশ্বৰ্য ৰায়ৰ সৈতে হম দিল দে চুকে সনম ছবিৰ সময়ত ছলমান আৰু সোমীৰ বিচ্ছেদ ঘটে । ছলমান আৰু ঐশ্বৰ্যৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ বাবে সোমী সম্পূৰ্ণৰূপে ভাঙি পৰিছিল ৷ পিছে 2002 চনত ছলমান আৰু ঐশ্বৰ্যৰ মাজতো দূৰত্ব আহি পৰে ।

লগতে পঢ়ক : ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ, হাৰিয়ানাৰ পৰা নৱী মুম্বাই আৰক্ষীয়ে আটক কৰে এজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.