অসম

assam

ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত তাৰকাৰ বাবে কেনেকুৱা ব্যৱস্থা কৰা হৈছে ? ছাইনা নেহৱালে দেখুৱালে ইয়াৰ আভাস

Anant-Radhika Pre Wedding: ভাৰতীয় তাৰকাৰ লগতে আন্তঃৰাষ্ট্ৰীয় তাৰকাও অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত অংশগ্ৰহণ কৰিছে ।

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 8:32 PM IST

Saina Nehwal shares inside video from Anant Ambani Radhika Merchant Pre Wedding
অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং

চিটাৰা ডেস্ক, ১ মাৰ্চ: বৰ্তমান সমগ্ৰ পৰিয়ালসহ জামনগৰত আছে মুকেশ আম্বানী । জামনগৰত তেওঁৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ এক গ্ৰেণ্ড প্ৰি-ৱেডিং উদযাপন চলি আছে । আজিৰ পৰা অৰ্থাৎ ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ৩ মাৰ্চলৈকে চলিব । বৰ্তমান গুজৰাটৰ জামনগৰত বিল গেটছ, পপ গায়িকা ৰিহানা, মাৰ্ক জুকাৰবাৰ্গকে ধৰি বহু আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটি উপস্থিত আছে । ইয়াৰ উপৰি জামনগৰত চলচ্চিত্ৰ জগতৰ সকলো ডাঙৰ তাৰকাও সমবেত হৈছে । এই সময়ছোৱাত আম্বানী পৰিয়ালে অতিথিসকলৰ থকাৰ বিশেষ ব্যৱস্থা কৰিছে ।

ইয়াৰ পূৰ্বে খবৰ আহিছিল যে আম্বানী পৰিয়ালে তেওঁলোকৰ সকলো চেলিব্ৰিটি অতিথিক টেণ্টত থকাৰ ব্যৱস্থা কৰিছে যদিও এই কথা সঁচা । অৱশ্যে এই সকলোবোৰ তম্বু সদৃশ থকাৰ ব্যৱস্থা পাঁচ তাৰকা হোটেলৰ দৰে । প্ৰাক্তন বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত দেখা গৈছে চেলিব্ৰিটিসকলৰ বাবে আয়োজন কৰা তম্বুৰ আভাস ৷

ৰাধিকা-অনন্তৰ প্ৰি-ৱেডিং ভেন্যুৰ ভিডিঅ’ ভাইৰেল

ছাইনা নেহৱালে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোৰ কেপচনত তেওঁ লিখিছে, ‘‘পাৰফেক্ট আম্বানী ৱেডিং ।’’ চেলিব্ৰিটি অতিথিসকলৰ থকাৰ ব্যৱস্থা কৰা ঠাইখনৰ ভিডিঅ’টো শ্বেয়াৰ কৰিছে ছাইনা নেহৱালে । এই সকলোবোৰ টেণ্ট ওচৰা-ওচৰিকৈ স্থাপন কৰা হৈছে আৰু ইয়াত আপুনি সম্পূৰ্ণ দেশী শৈলী চাব পাৰিব ।

ভিডিঅ’টোত ছাইনাই প্ৰথমে তম্বুৰ বাহিৰত নৃত্য কৰে আৰু তাৰ পিচত ভিতৰৰ সমগ্ৰ দৃশ্য দেখুৱায় । ভিতৰত এটা ড্ৰয়িং ৰুম, এটা বেড ৰুম আৰু এটা সৰু ৰুম নিৰ্মাণ কৰা হৈছে । চোফা, বিচনা, টিভি, ড্ৰেছিং টেবুল, ভাল বহাৰ ব্যৱস্থা, এচিকে ধৰি বহুতো সুবিধা এটা টেণ্টত উপলব্ধ । এই ভিডিঅ’টোৰ পৰা অনুমান কৰিব পাৰি যে এটা তম্বুৰ ভিতৰৰ ব্যৱস্থা পাঁচ তাৰকাযুক্ত হোটেলৰ দৰেই ।

উল্লেখ্য যে, ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ পপ গায়িকা ৰিহানা, মাইক্ৰ’ছফ্টৰ মালিক বিল গেটছ, ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গকে ধৰি বহুকেইজন আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটি জামনগৰত উপস্থিত থাকিব । ইয়াৰ উপৰিও সমগ্ৰ বলীউডে অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত উপনীত হৈছে । সমগ্ৰ পৰিয়ালসহ ইয়াত উপস্থিত হৈছে শ্বাহৰুখ খান ।

লগতে পঢ়ক:পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ বাবে নীতা আম্বানীয়ে প্ৰকাশ কৰিলে দুটা ইচ্ছা

ABOUT THE AUTHOR

...view details