ডিব্ৰুগড় : ভোগালীৰ উৰুকা, পৰিয়ালৰ সৈতে মিলি হাঁহি-ফূৰ্তিৰে মাছে-মঙহে খোৱাৰ দিন আজি ৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ! গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালৰ লোকে চকুপানীৰে বাট নেদেখা হৈছে ৷
উৰুকাৰ দিনাই নেদেখাজনে কাঢ়ি লৈ গ’ল জাতি-মাটিৰ গান গাই ভাল পোৱা শিল্পী ৰাজীৱ শদিয়াক ৷ উকা হৈ পৰিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন । জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া যে আৰু নাই বিশ্বাস কৰিলৈয়ে টান হৈছে ।
অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী ৰাজীৱ শদিয়াই । দেওবাৰে তিনিচুকীয়া জিলাৰ দুৱাৰমৰাৰ ‘ৰসবাৰী পৰ্যটন মেলা’ত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী । তাৰ পাছত ততাতৈয়াকৈ ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
হৃদক্ৰিয়া বন্ধ হৈ পৰাত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত এদল জ্যেষ্ঠ চিকিৎসকে আপ্ৰাণ চেষ্টা কৰিও জীয়াই ৰাখিবলৈ সক্ষম নহ’ল জাতীয়তাবাদী গীত লিখি-গাই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা শিল্পীগৰাকীক ।