হায়দৰাবাদ : ‘‘মানুহে মানুহৰ বাবে...যদিহে অকণো নাভাৱে...’’সেইদিনা এটা যুগৰ অৱসান ঘটিছিল, গোটেই অসমে চকুলো টুকিছিল ৷ সামৰ্থ অনুসৰি যোৱা গৈছিল, চোৱাই চাইছিল, মুঠতে সকলো ব্যস্ত আছিল ড৹ ভূপেন হাজৰিকাৰ শেষকৃত্য দৰ্শনত ৷ অন্তিমবাৰলৈ এবাৰ তেওঁক চোৱাৰ হেঁপাহ ৷ বহু কালজয়ী গীতৰ স্ৰষ্টা ভূপেন হাজৰিকাৰ বিয়োগ সাংস্কৃতিক জগতখনৰ বাবে এনে এক ক্ষতি, যি ক্ষতি পূৰণ কৰাৰ সাধ্য দ্বিতীয় এগৰাকী ব্যক্তিৰ নাই ৷ অসমে কেতিয়াও এনে এগৰাকী মহান ব্যক্তিৰ সান্নিধ্য পুনৰাই লাভ নকৰে ৷
আজি সুধাকণ্ঠৰ ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী ৷ ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাই অগণন সংগীতপ্ৰেমীক শোকসাগৰত ডুবাই থৈ এই পৃথিৱীৰ মায়া এৰি যোৱা আজি 13 টা বছৰ সম্পূৰ্ণ হ’ল ৷ আজি ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকীত বিশ্ব বৰণ্য শিল্পীগৰাকীক সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে ৷