চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী:বিবাহৰ বাবে এইকেইদিন চৰ্চাত আছে অভিনেত্ৰী ৰকুল প্ৰীত সিং ৷ অভিনেতা তথা প্ৰযোজক জেকী ভগনানীৰ সৈতে অহা ২১ ফেব্ৰুৱাৰীত অৰ্থাৎ কাইলৈ ৰকুল প্ৰীত সিঙে যুগ্ম জীৱনৰ পাতনি মেলিব ৷ এই প্ৰেমিক যুগলৰ বিয়াৰ সাক্ষী হ’ব গোৱা ৷ হয়, গোৱাত বিবাহৰ বান্ধোনত বান্ধ খাব ৰকুল-জেকী ৷ বিবাহৰ বাবে শেহতীয়াকৈ গোৱাত উপস্থিত হৈছে ৰকুল-জেকী ৷
এতিয়া বিয়াৰ স্থানৰ পৰা প্ৰথম ফটো আহিছে, যিটো এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । শেহতীয়া বাতৰি অনুসৰি জেকীয়ে তেওঁৰ হ’বলগীয়া পত্নীৰ বাবে এক বিশেষ চাৰপ্ৰাইজ প্ৰস্তুত কৰিছে । দৰাচলতে ইনষ্টাগ্ৰামত এটা পাপাৰাজী পেজে বিয়াৰ স্থানৰ দুখনমান ফটো শ্বেয়াৰ কৰিছে । এখন ফটোত ফুলেৰে সজোৱা চাইনবৰ্ড দেখা গৈছে আৰু তাত লিখা আছিল, "BHAGNANI & SINGH FAMILY Welcome You ।" আন এখন ছবিত এটা নাৰিকলত ‘আৰ জে’ আখৰ লিখা আছিল ৷ যিটো অতিথিসকলৰ বাবে আদৰণি পানীয় হিচাপে দিয়া হ’ব ।
ইফালে ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে যে জেকীয়ে তেওঁৰ মৰমৰ ৰকুলৰ বাবে এটা বিশেষ গীতৰ প্ৰস্তুতি চলাইছে । খবৰ অনুসৰি, জেকীয়ে ৰকুলৰ বাবে এটা ৰোমান্টিক গীত উৎসৰ্গিত কৰিব, যিটোৱে তেওঁলোকৰ সম্পৰ্কক আৰু অধিক দৃঢ় কৰি তুলিব ৷ গীতটোত জেকী আৰু ৰকুলৰ মিলনৰ এক উদযাপনমূলক সুৰ সন্নিৱিষ্ট কৰা হৈছে, তেওঁলোকৰ প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি পৰা এতিয়ালৈকে সকলো সন্নিৱিষ্ট কৰা হৈছে গীতটিত ।