অসম

assam

ETV Bharat / entertainment

360 ৰো অধিক তাৰকাৰে বিশেষ ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ - MUNIN BARUAH FILM BHAIMON DA

Bhaimon da a tribute to Assamese cinema: অসমীয়া চলচ্চিত্ৰ জগতৰ উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই এখন নতুন অসমীয়া ছবি দৰ্শকৰ মাজলৈ-

poster and music release of upcoming assamese movie bhaimon da a tribute to assamese cinema
‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমাৰ পোষ্টাৰ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Oct 8, 2024, 2:21 PM IST

গুৱাহাটী, ৮ অক্টোবৰ :আগন্তুক বৰ্ষৰ আৰম্ভণিতে আহি আছে এখন নতুন অসমীয়া ছবি, নাম ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ ৷ অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱাক সকলোৱে মৰমত মাতিছিল ‘ভাইমন দা’ বুলি । তেখেতৰ জীৱনশৈলী, কৰ্মৰাজি তথা ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত শীঘ্ৰেই আহি আছে ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ । সোমবাৰে ছবিখনৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অ’ডিঅ’-ভিডিঅ’ মুকলি কৰা হয় ৷

ভাইমন দা অৰ্থাৎ মুনিন বৰুৱা, অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপ । তেওঁৰ সৃষ্টিৰাজিৰ সম্পৰ্কে সকলোৱে জ্ঞাত । এনে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, যাৰ চিনেমা উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকে ছবিগৃহত ভিৰ কৰিছিল । ‘বোৱাৰী’ ছবিখনৰ পৰাই এগৰাকী চিত্ৰনাট্যকাৰ হিচাপে যাত্ৰা আৰম্ভ কৰিছিল তেওঁ ৷ ভাইমন দা ছবিখনৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতখনে সেই সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন উত্থান-পতন, ঘাত-প্ৰতিঘাত তথা ছবিগৃহত হিন্দী চিনেমাৰ পয়োভৰৰ পিছত অসমীয়া চলচ্চিত্ৰই কেনেদৰে সপ্তাহজোৰা প্ৰদৰ্শনী লাভ কৰিছিল তাৰ আঁৰৰ সংঘৰ্ষৰ গাঁথাকলৈ ‘ভাইমন দা-A Tribute to Assamese Cinema’ ছবিখন নিৰ্মাণ কৰা হৈছে ।

সোমবাৰে গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ‘জিল ক্ৰিয়েশ্যনছ’ ৰ বেনাৰত ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱৰে উদযাপন কৰাৰ হেঁপাহেৰে মুনিন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত অসমীয়া চিনেমা ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ ৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অ’ডিঅ’-ভিডিঅ’ মুকলি কৰা হয় ৷ লগতে উক্ত অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনৰে পৰা আৰম্ভ কৰা আৰু বৰ্তমানলৈকে চলি থকা অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল নব্বৈ বছৰীয়া ইতিহাস উদযাপনৰ উদ্দেশ্যৰে 'জ্যোতি জয়ন্তী' শীৰ্ষক নামকৰণ কৰা এটি বিশেষ ল’গ’ মুকলি কৰা হয় ।

শশাংক সমীৰৰ ভাষ্য (ETV Bharat Assam)

আগন্তুক বর্ষৰত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ আনহাতে ছবিখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে ৷ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা, চিনেমাখনৰ চিনেমাট’গ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ ৷ ছবিখনৰ ভিন্ন চৰিত্ৰত বনদীপ শৰ্মা, যশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম শইকীয়া, শিল্পী শিখা বৰা, বৈভৱী গোস্বামী আদিকে ধৰি মুঠ 360 ৰো অধিক শিল্পীয়ে অভিনয় কৰিছে ৷ ছবিখনৰ ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে কাম কৰাৰ লগতে প্ৰীতম খাউণ্ডে কৰিছে সম্পাদনাৰ কাম ৷ ছবিখনৰ মুঠ ১২০ টাৰো অধিক স্থানত কৰা হৈছে দৃশ্যগ্ৰহণ ।

লগতে পঢ়ক :শীঘ্ৰেই এক ভৌতিক কাহিনী লৈ আপোনালোকৰ মাজলৈ ‘মায়া ৮.৮’ - Debangkar Borgohain upcoming film

ABOUT THE AUTHOR

...view details