চিটাৰা ডেস্ক, ১১ মাৰ্চ :বলীউডৰ বিশিষ্ট পৰিচালক তথা প্ৰডাকচন ডিজাইনাৰ নীতিন দেশাইক ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন । দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত 'ইন মেমৰিয়াম' শাখাত চলচ্চিত্ৰ উদ্যোগৰ প্ৰয়াত শিল্পীসকলক স্মৰণ কৰা হয় ।
তাৰ ভিতৰত আছিল নীতিন দেশাই অন্যতম । নীতিন দেশাইয়ে অস্কাৰ মনোনীত 'লগান' আৰু 'হাম দিল দে চুকে চানম'ৰ দৰে ব্লকবাষ্টাৰ ছবিৰ বাবে ছেট নিৰ্মাণ কৰিছিল । বিগত বছৰ আগষ্টত মুম্বাইৰ সমীপৰ কাৰজাত থকা তেওঁৰ ষ্টুডিঅ'ত নীতিন দেশাইৰ মৃতদেহ উদ্ধাৰ হৈছিল । যোৱা এবছৰত মৃত্যুবৰণ কৰা চলচ্চিত্ৰ জগতৰ বিশিষ্ট শিল্পীসকলক একাডেমী বঁটাই 'ইন মেমৰিয়াম' মণ্টেজত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে ।
'যোধা আকবৰ' আৰু 'প্ৰেম ৰতন ধন পায়ো'ৰ দৰে চলচ্চিত্ৰৰ উপৰিও জনপ্ৰিয় টিভি কুইজ অনুষ্ঠান 'কৌন বনেগা কৰোড়পতি'ৰ দৰে অনুষ্ঠানত কলা কৰ্মৰ বাবে জনাজাত আছিল নীতিন দেশাই । দুটা দশকৰ ভিতৰত নীতিন দেশাইয়ে আশুতোষ গোৱাৰিকাৰ, বিধু বিনোদ চোপ্ৰা, ৰাজকুমাৰ হিৰাণী আৰু সঞ্জয় লীলা ৱাঞ্চালীৰ দৰে বিশিষ্ট পৰিচালকৰ সৈতে কাম কৰিছিল ।