চিটাৰা ডেস্ক, ১৩ মাৰ্চ:যিকোনো ছবিক লৈ ছ’চিয়েল মিডিয়াত পোষ্ট কৰা নেতিবাচক সমালোচনাই ছবিখনৰ সংগ্ৰহত প্ৰভাৱ পেলায় নে নেপেলায় সেই বিষয়টোক লৈ বহুদিন ধৰি বিতৰ্ক চলি আছে । শেহতীয়াকৈ কেৰালা উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া এমিকাছ কিউৰিয়াই যিকোনো ছবিৰ মুক্তিৰ ৪৮ ঘণ্টাৰ পিচতহে ছবিখনক লৈ মন্তব্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে ।
যদি আপুনিও যিকোনো ছবিৰ ওপৰত নেতিবাচক ৰিভিউ দিয়ে, তেন্তে সাৱধান হওক ৷ কাৰণ কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে যদি আপুনি যিকোনো ছবিৰ মুক্তিৰ ৪৮ ঘণ্টাৰ ভিতৰত নেতিবাচক ৰিভিউ দিয়ে, তেন্তে আপুনি শাস্তিৰ সন্মুখীন হ’ব । amicus curiae শ্যাম পেডমেনে দাখিল কৰা প্ৰতিবেদনত ‘ৰিভিউ বম্বিং’ ৰোধ কৰাৰ বাবে কঠোৰ নিৰ্দেশনা দিয়া হৈছে, যাতে দৰ্শকে পক্ষপাতমূলক পৰ্যালোচনাৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ নিজৰ মতামত গঠন কৰিবলৈ সুবিধা পায় ।
কোৱা হৈছে যে বহু লোকে ধনৰ বাবে ছ’চিয়েল মিডিয়াত ৰিভিউ দিয়ে আৰু যদি ধন নাপায় তেতিয়া নেতিবাচক ৰিভিউ দিবলৈ আৰম্ভ কৰে । বৰ্তমান ইয়াৰ ওপৰত গোচৰ তৰাৰ সীমাবদ্ধতা আছে কাৰণ ই ধন দাবী, ব্লেকমেইল আদিৰ অধীনত নাহে ।
ইয়াৰ দ্বাৰা ‘ৰিভিউ বম্বিং’ বন্ধ হ’ব বুলি কোৱা হৈছে
এমিকাছ কিউৰিয়াৰ প্ৰতিবেদনত ‘ৰিভিউ বম্বিং’ৰ সৈতে জড়িত অভিযোগ গ্ৰহণৰ বাবে চাইবাৰ কোষৰ ওপৰত এটা নিৰ্দিষ্ট পৰ্টেল স্থাপন কৰাৰ পৰামৰ্শ দিয়া হৈছে । ইয়াৰ উপৰিও প্ৰতিবেদনত আহ্বান জনোৱা হৈছে যাতে পৰ্যালোচকসকলে গঠনমূলক সমালোচনা আগবঢ়াই আৰু অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু অন্যান্যৰ বিৰুদ্ধে গালি-গালাজ, ব্যক্তিগত আক্ৰমণ বা অপমানজনক মন্তব্যৰ পৰা আঁতৰি থাকে । ছবিখনক সমালোচনা কৰাৰ পৰিৱৰ্তে গঠনমূলক সমালোচনা কৰাহে উচিত বুলিও কয় ।