অসম

assam

ETV Bharat / entertainment

ষষ্ঠ সংখ্যক জাতিংগা মহোৎসৱৰ মঞ্চ কঁপালে বলীউডৰ সংগীতশিল্পী নীৰজ শ্ৰীধৰে - JATINGA FESTIVAL 2024

জাতিংগা মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত সংগীতশিল্পী নিৰজ শ্ৰীধৰ, ঋতু পাঠক আৰু ডিজে কাশীষৰ সংগীতৰ মায়াজাল ৷

Neeraj Shridhar musical event at jatinga festival 2024
ষষ্ঠ সংখ্যক জাতিংগা মহোৎসৱ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Nov 9, 2024, 2:36 PM IST

হাফলং : ষষ্ঠ সংখ্যক জাতিংগা মহোৎসৱৰ প্ৰথম দিনাই মঞ্চ কঁপালে বলীউডৰ প্ৰখ্যাত শিল্পী পপ গ্ৰুপ ব’ম্বে ভাইকিঙৰ নিৰজ শ্ৰীধৰে । শুকুৰবাৰে বিয়লি জাতিংগা মহোৎসৱৰ আনুষ্ঠানিক উদ্বোধনৰ পিছতে নিশা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে বলীউডৰ সংগীতশিল্পী নিৰজ শ্ৰীধৰ, ঋতু পাঠক আৰু ডিজে কাশীষে ।

উত্তৰ-পূবৰ সৌন্দৰ্য দেখি অভিভূত হৈ পৰে সংগীতশিল্পী নিৰজ শ্ৰীধৰ ৷ তেওঁৰ ভাষাত পৃথিৱীৰ ভিতৰতে অদ্বিতীয় এই সৌন্দৰ্য ৷ ডিমা হাচাওৰ মোহনীয় ৰূপক স্বৰ্গৰে সৈতে তুলনা কৰে তেওঁ ৷ পাহাৰীয়া জিলা ডিমা হাছাওক অন্য ঠাইৰ সৈতে তুলনা কৰিব নোৱাৰি বুলিও অভিহিত কৰে তেওঁ ৷ জাতিংগা মহোৎসৱৰ আয়োজন দেখি অভিভূত হৈ পৰে শ্ৰীধৰ ৷ “ইমান ডাঙৰ আয়োজন, এনে এটা অনুষ্ঠানলৈ আমন্ত্ৰণ পাই অত্যন্ত আনন্দিত হৈছো ।”

ডিমা হাছাওৰ সৌন্দৰ্যৰ লগতে তেওঁ উত্তৰ-পূবৰ প্ৰতিভাৰ কথাও উল্লেখ কৰে ৷ বহু শিল্পী ইয়াৰ পৰাই ওলাইছে আৰু আগলৈয়ো এনেদৰে ওলাই গৈ থাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ পৰা ওলাই গৈ মুম্বাইত থাকি কাম কৰাটো সহজ নহয় ৷

সংগীতশিল্পী নীৰজ শ্ৰীধৰৰ অনুষ্ঠান (ETV Bharat Assam)

নিৰজ শ্ৰীধৰে ডিমা হাছাও জিলাৰ ধ্ৰুৱজ্যোতিৰ কথা উল্লেখ কৰি কয়, “ইয়াত বহু প্ৰতিভাবান শিল্পী আছে । ধ্ৰুৱজ্যোতিয়ে মুম্বাইত নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাইছে । বহু ভাল কাম কৰি আছে ৷ আপুনি যেনেকৈ ইয়াত পাহাৰ দেখিছে মুম্বাইত আপুনি বিল্ডিঙৰ পাহাৰ দেখা পাব ৷ মুম্বাইত নিজকে প্ৰতিষ্ঠা কৰা ইমান সহজ কাম নহয় ৷ কিন্তু এই ডিমা হাছাওৰ ল’ৰা ধ্ৰুৱজ্যোতিয়ে মুম্বাইত এজন শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে আৰু আগন্তুক দিনত ইয়াৰ পৰা আৰু প্ৰতিভাৱান যুৱক-যুৱতী ওলাই আহি বিভিন্ন দিশত নাম জিলিকাব ৷”

যুৱ-প্ৰজন্মক সদায় পিতৃ-মাতৃৰ সেৱা কৰিবলৈ আহ্বান জনায় তেওঁ ৷ বেয়া কামত কেতিয়াও জড়িত নহৈ সদায় ভাল কাম আৰু চিন্তাৰ প্ৰতি আকৰ্ষিত হোৱাৰ কথা উল্লেখ কৰি ভালৰ দিশতে সাফল্য আহিব বুলি মন্তব্য কৰে প্ৰখ্যাত সংগীতশিল্পীগৰাকীয়ে ৷

উল্লেখ্য যে, শুকুৰবাৰে ষষ্ঠ সংখ্যক জাতিংগা মহোৎসৱৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই । জাতিংগা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা পথাৰত জাতিংগা মহোৎসৱৰ উদ্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰীয়ে ডিমা হাছাও জিলাক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে ।

তেওঁ কয় যে ডিমা হাছাও জিলাখন পৰ্যটন ক্ষেত্ৰত আগবাঢ়ি গ’লে এই পাহাৰীয়া জিলাখনত নিবনুৱা সমস্যাৰ সমাধান হ’ব । তেওঁ আৰু কয় যে কোনো এটা ঠাই পৰ্যটনস্থলী হিচাপে গঢ়ি উঠিলে তালৈ বিভিন্ন চৰাই আহে, বিভিন্ন জীৱ জন্তু থাকে । সেইবাবে তেওঁ জাতিংগালৈ অহা চৰাই বচাই ৰখাৰ পোষকতা কৰে ।

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জাতিংগাত জয়ন্তীয়া কুকি মাৰসকলে পাহাৰ বচাই ৰাখিছে বুলি মন্তব্য কৰি তেওঁ কয় মাহুৰৰ পৰা হানগৰুম পথ নিৰ্মাণ হ’লে পৰ্যটকসকল চেৰাপুঞ্জী বাদ দি ডিমা হাছাও জিলালৈ আহিব ।

লগতে পঢ়ক :নেউল বাঘ-সিংহৰ দৰে সম্ভ্ৰান্ত জন্তু নহয় অথচ...

ABOUT THE AUTHOR

...view details