ডিব্ৰুগড় :আজি ভোগালী বিহু ৷ সমগ্ৰ ৰাজ্যই উলহ মালহেৰে উদযাপন কৰিছে ভোগালী বিহু ৷ উৰুকা উদযাপন কৰাৰ পাছতে পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাইছে অসমীয়াই । কিন্তু তাৰ মাজতে এফালে অকল কান্দোনৰ ৰোল ৷ শদিয়াত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ৷ গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৱে উকা কৰি পেলালে বহুতৰ হৃদয় ৷ কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীয়ে কয়, "ৰাজীৱ শদিয়াৰ দেশপ্ৰেমমূলক গীতে অসমীয়া ৰাইজক উদ্বুদ্ধ কৰিছিল । তেখেতৰ মৃত্যুত মৰ্মাহত হৈছো । তেওঁ সমাজখনৰ বাবে যি ত্যাগ কৰি গ'ল তাক প্ৰতিজন অসমীয়াই মনত ৰখা উচিত ৷"
কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগ :
ভোগালীৰ উৰুকাৰ দিনটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আছিল অতিকে দুখৰ । দেওবাৰে ৰসবাৰী পৰ্যটন মেলাত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল জাতি-মাটিৰ গীত গাই ভালপোৱা ৰাজীৱ শদিয়া । হৃদক্ৰিয়া বন্ধ হৈ পৰাত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে প্ৰাণ বচাব নোৱাৰিলে তেওঁৰ ।
পত্নীৰ সৈতে মন্ত্ৰী যোগেন মহনৰ ৰাজ্যবাসীলৈ বিহুৰ ওলগ :