চিটাৰা ডেস্ক, ২৬ ফেব্ৰুৱাৰী:বলীউডৰ চিৰসেউজ অভিনেতা তথা পৰিচালক মনমোহন কৃষ্ণৰ বিষয়ে কোনে নাজানে ! প্ৰয়াত অভিনেতা মনমোহন কৃষ্ণৰ আজি জন্মবাৰ্ষিকী ৷ তেওঁৰ জন্ম হৈছিল ১৯২২ চনৰ ২৬ ফেব্ৰুৱাৰীত । আজি মনমোহনৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ লগত জড়িত কিছুমান নজনা কাহিনী জানো আহক ।
গায়ক হ’ব বিচাৰিছিল, হৈ পৰিল অভিনেতা
লাহোৰ (পাকিস্তান)ত জন্মগ্ৰহণ কৰা পৰিচালকগৰাকীয়ে অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘আন্ধো কি দুনিয়া’ ছবিৰ জৰিয়তে । মনমোহন কৃষ্ণক বহুমুখী অভিনেতা বুলি গণ্য কৰা হৈছিল । এজন ভাল অভিনেতা হোৱাৰ উপৰিও তেওঁ চলচ্চিত্ৰ জগতত এজন উৎকৃষ্ট পৰিচালক আৰু প্ৰযোজক হিচাপেও নিজৰ সুকীয়া পৰিচয় বনাবলৈ সক্ষম হৈছিল । অৱশ্যে তেওঁৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে যে মনমোহনে অভিনেতা বা প্ৰযোজক হিচাপে নহয়, গায়ক হিচাপে বলীউডত স্থান বনাব বিচাৰিছিল ।
যাত্ৰা আৰম্ভ হৈছিল ‘আন্ধো কি দুনিয়া’ ছবিৰ পৰা
কিন্তু কথা এষাৰ আছে নহয়, আপোনাৰ ভাগ্য যি লিখা থাকিব তাকেই হ’ব ৷ মনমোহন কৃষ্ণৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল ৷ মনমোহনে গায়ক হোৱাৰ লগতে, অভিনেতাৰ পৰা পৰিচালকলৈ যাত্ৰা কৰিছিল । মনমোহনে ১৯৪৭ চনত ‘আন্দো কি দুনিয়া’ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত যাত্ৰা আৰম্ভ কৰিছিল । এই ছবিখনৰ এটা গীততো তেওঁ কণ্ঠদান কৰিছিল । প্ৰথমখন ছবিতে মনমোহনৰ অভিনয় আৰু কণ্ঠ দুয়োটাৰে অত্যন্ত প্ৰশংসা কৰা হৈছিল ।